এসাজ খাই এসাঁজৰ বাবে চিন্তা হৈছে বিধায়িকাৰ - MLA Sibamoni Bora - শিৱামণি বৰা

🎬 Watch Now: Feature Video

thumbnail
তেজপুৰত বিধায়িকা শিৱামণি বৰা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : August 18, 2024 at 10:32 PM IST

1 Min Read
Choose ETV Bharat

তেজপুৰ, ১৮ আগষ্ট : ৰাজ্যত দামবৃদ্ধি আৰু স্মার্ট মিটাৰৰ বিলে চৰকাৰী পক্ষৰ বাদে সকলোকে জুৰুলা কৰিছে ৷ একেই অৱস্থা বিধায়িকা শিৱামণি বৰাৰো ৷ দামবৃদ্ধি আৰু স্মাৰ্ট মিটাৰৰ প্ৰসংগত ক্ষোভ উজাৰিলে কংগ্ৰেছ বিধায়িকাগৰাকীয়ে ৷

সংবাদমাধ্যমৰ আগত বিধায়িকাগৰাকীয়ে কয়, ‘‘স্মাৰ্ট মিটাৰৰ বাবে দুৰ্দশা হৈছে ৷ গোটেই স্মাৰ্ট মিটাৰে কাম নকৰে ৷ চৰকাৰখন পগলা হোৱাৰ দৰেই স্মাৰ্ট মিটাৰৰ পগলা বিল আহে ৷ সঠিকভাৱে স্মাৰ্ট মিটাৰ লগাব লাগিছিল ৷ মোৰ মা অকলে থাকে, তিনি হাজাৰ টকা ভৰাই দিলে কেইদিনমানতে শেষ হৈ যায় ৷ ভাল কৰিবলৈ গৈ কাল কৰিছে বিজেপি চৰকাৰে ৷’’

তদুপৰি বিধায়িকাগৰাকীয়ে কয়, ‘‘ মূল্যবৃদ্ধিৰ ফলত এসাজ খাই এসাঁজৰ বাবে চিন্তা কৰিব লাগে ৷ দাইল একেলগে বনাই দিওঁ, কেতিয়াবা ৰাতিলৈ নাথাকেই ৷ কেতিয়াবা সস্তাত পোৱা পাচলি বনায়েই খাওঁ ৷’’

লগতে পঢ়ক : ৰাজ্যত মহঙা হৈছে আলু : পশ্চিমবংগত আৱদ্ধ আলুৰ ট্ৰাক, অবৈধভাৱে ধন সংগ্ৰহৰ অভিযোগ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details