বিধায়কে কলপুলিৰে কোবালে ঠিকাদাৰৰ কৰ্মচাৰীক - MLA SAMSUL HUDA

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : March 18, 2025 at 9:51 PM IST

Updated : March 19, 2025 at 3:01 PM IST

1 Min Read

বিলাসীপাৰা : হঠাতে খং উঠিল বিলাসীপাৰা পূব বিধানসভা সমষ্টিৰ বিধায়ক ছামছুল হুদাৰ । এ আই ইউ ডি এফৰ বিধায়কগৰাকীয়ে খঙৰ ভমকতে প্ৰহাৰ কৰিলে ঠিকাদাৰৰ কৰ্মচাৰীক । তেওঁৰ ইমানেই খং উঠিল যে আধাৰশিলাৰ বাবে পোতা কলপুলি উভালি কোবালে কৰ্মচাৰীজনক । এই ঘটনাটো মঙলবাৰে সংঘটিত হৈছে সমষ্টিটোত বাহিৰ ছুৱাপাতা দৈখোৱা বজাৰত । কিয় খং উঠিল বিধায়কগৰাকীৰ ?

মঙলবাৰে বিধায়ক ছামছুল হুদাই বাহিৰ ছুৱাপাতা দৈখোৱা বজাৰত এখন আৰ চি চি দলঙৰ আধাৰশিলা স্থাপন কৰিবলৈ গৈছিল । আধাৰশিলাৰ স্থানত ৰঙাফিটাৰ সলনি দেখিলে কলপুলি । আধাৰশিলা স্থাপন অনুষ্ঠানত ঠিকাদাৰ অবিনাশ আগৰৱালাৰ কৰ্মচাৰীয়ে কামত গাফলতি কৰা বাবেই হেনো এইদৰে খঙত অগ্নিশৰ্মা হৈ পৰে বিধায়কগৰাকী । পিছত ঠিকাদাৰ অবিনাশ আগৰৱালাই বিধায়ক ছামছুল হুদাৰ ওচৰত ক্ষমা বিচাৰে ।

লগতে পঢ়ক:'অৰুণোদয়'ৰ নামত কি চলিছে ! ৰাজপথত প্ৰতিবাদেৰে বুজাই দিলে শতাধিক মহিলাই - ASSAM ORUNODOI SCHEME
Last Updated : March 19, 2025 at 3:01 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.