বৰপেটাত অগপৰ প্ৰাৰ্থিত্ব দিলে জয়ী হোৱাৰ দাবী ফণীভূষণ চৌধুৰীৰ - Lok Sabha Polls 2024
🎬 Watch Now: Feature Video


Published : February 26, 2024 at 8:56 PM IST
গুৱাহাটী, 26 ফেব্ৰুৱাৰী : বৰপেটাত লোকসভা সমষ্টিত অগপ দলে মিত্ৰজোঁটৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ এক স্পষ্ট ইংগিত দিছে দলৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীয়ে ৷ সোমবাৰে বাজেট অধিৱেশনত অংশগ্ৰহণ কৰাৰ পিচত বিধানসভাৰ বাহিৰত ফণীভূষণ চৌধুৰীয়ে এই ইংগিত দি কয় যে, বৰপেটাত অগপৰ সাংগঠনিক ভেটি কটকটীয়া কৰা হৈছে ৷ বৰপেটা লোকসভা সমষ্টিত নিৰ্বাচন খেলিব পৰাকৈ দলটোক মজবুত কৰা হৈছে ৷ বৰপেটাত অগপৰ প্ৰাৰ্থিত্ব দিলে জয়ী হ'ব বুলিও দাবী কৰে বিধায়ক তথা অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীয়ে ৷
উল্লেখ্য যে বিজেপি দলে ইতিমধ্যে অসমৰ 14 টা লোকসভা সমষ্টিৰ 12 টাত নিজৰ প্ৰাৰ্থী দিব বুলি ব্যাপক চৰ্চা চলিছে ৷ বৰপেটা মিত্ৰ দল অগপ দলক আৰু কোকৰাঝাৰ ইউ পি পি এল দলক বিজেপিয়ে এৰি দিব বুলি চৰ্চা চলিছে ৷ এনে সময়তে অগপৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীয়ে কৰা এই মন্তব্যই তাৎপৰ্য বহন কৰিছে ৷
সাংবাদিকে মিত্ৰজোঁটৰ হৈ অগপক দুখন আসন দিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত চৌধুৰীয়ে কয় যে, এই বিষয়ে দুদিনৰ ভিতৰত সকলো কথা জানিব পৰা যাব ৷ এই বিষয়ত ব্যক্তিগতভাবে একো মন্তব্য দিব নোৱাৰে বুলি কয় তেওঁ ৷ ইফালে আজি বিধানসভা অধিৱেশনৰ অন্তত অগপৰ বিধায়িনী দলৰ জৰুৰী বৈঠক আহ্বান কৰা হয় ৷ অগপৰ বিধায়িনী দলৰ সভাকক্ষত অনুষ্ঠিত হয় এই বৈঠক ৷
লগতে পঢ়ক : এই বয়সত নিৰ্বাচন খেলি হাৰিবলৈ মন নাই ৰাজেন গোহাঁইৰ