বিধায়ক ভূপেন বড়োৰ বাসগৃহৰ সন্মুখত গুলীৰ শব্দ ! কি সন্দেহ কৰে বিধায়কগৰাকীয়ে ? - MLA BHUPEN BORO - MLA BHUPEN BORO

🎬 Watch Now: Feature Video

thumbnail
বৰমাৰ বিধায়ক ভূপেন বড়ো (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : August 3, 2024 at 8:41 PM IST

1 Min Read
Choose ETV Bharat

বাক্সা, ৩ আগষ্ট : শুকুৰবাৰে নিশা বৰমাৰ বিধায়ক ভূপেন বড়োৰ বাসগৃহৰ সম্মুখত শুনা গ’ল এক প্ৰচণ্ড শব্দ ৷ বিধায়ক ভূপেন বড়ো দিছপুৰৰ বিধায়ক আৱাসত থকাৰ সময়তে ঘটনাটো সংঘটিত হয় ৷ গুলীৰ শব্দ বুলি ধাৰণা কৰাৰ পিচতে উক্ত স্থানত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৷ শনিবাৰে বিধায়কগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে ঘটনাটোৰ সন্দৰ্ভত ৷

বিধায়কগৰাকীয়ে কয়, ‘‘ কালি দিনটো মই গুৱাহাটীত আছিলো ৷ ৰাতি 8:30 মান বজাত মই খবৰ পালো যে আমাৰ ঘৰত গুলীৰ শব্দ শুনা গৈছে ৷ কিন্তু স্পষ্ট নহয় যে সেয়া গুলীৰ শব্দ নে শিলৰ শব্দ ৷ ঘটনাটোৰ সন্দৰ্ভত আৰক্ষী-প্ৰশাসনে তদন্ত চলাই আছে ৷ ইয়াৰ বিষয়ে মই স্পষ্টকৈ ক’ব নোৱাৰিম ৷’’

আনহাতে বিধায়ক ভূপেন বড়োৱে কয়, ‘‘ হীৰা শৰণীয়াৰ গণ সুৰক্ষা পাৰ্টী আৰু বি পি এফৰ বহু নেতা-কৰ্মীয়ে মোৰ আৰু জিলা সমিতিৰ তত্বাৱধানত যোগদান কৰিব ৷ সেই কথাত গণ সুৰক্ষা পাৰ্টীৰ মানুহখিনিৰ খং উঠিছে বুলি সন্দেহ আছে ৷ সেইটোও নুই কৰিব নোৱাৰি ৷’’

লগতে পঢ়ক : বিধায়ক ভূপেন বড়োৰ ঘৰৰ সমুখত প্ৰচণ্ড শব্দ: গুলীচালনাৰ সন্দেহ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details