বান বিধ্বস্ত অঞ্চলৰ ৰাইজলৈ সহায়ৰ হাত মিচিং সংগঠনৰ - Assam Flood 2024 - ASSAM FLOOD 2024
🎬 Watch Now: Feature Video


Published : July 7, 2024 at 1:11 PM IST
জোনাই,৭ জুলাই: বিগত কিছুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ফেনে-ফোটোকাৰে ওফন্দি উঠা বিভিন্ন নৈ-উপনৈসমূহৰ বাঢ়নী পানীত অসমৰ বিভিন্ন জিলাৰ লগতে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ নৈপৰীয়া অঞ্চলৰ কেইবাখনো গাঁও ডুব গৈছে । শনিবাৰে TMPK, MMK আৰু TMMK কেন্দ্ৰীয় সমিতিৰ এটা সঁজাতি দলে ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ বিভিন্ন বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি ৰাইজৰ সৈতে মত বিনিময় কৰে ৷
প্ৰথমে তিনিচুকীয়া জিলাৰ শদিয়া মহকুমা অমৰপুৰ অঞ্চলত বানপানীত ক্ষতিগ্রস্ত পৰিয়ালৰ কাষত উপস্থিত হৈ সংগঠনটোৰ সজাতি দলটোৱে বান বিধ্বস্ত এলেকা পৰিদৰ্শন কৰি ৰাইজৰ সমস্যাসমূহ বুজ লৈ বানপীড়িত ৰাইজৰ মাজত বান সাহায্য বিতৰণ কৰে ৷ ইয়াৰ পিচতে ডিব্ৰুগড় জিলাৰ চেঁচা আৰু দিহিং নদীৰ বাঢ়নী পানীত প্লাৱিত হোৱা পানীগাঁও, চাউলখোৱা, জোনগাঁও, ৰমাই আদি বানপীড়িত অঞ্চলসমুহ পৰিদৰ্শন কৰি বন্যাৰ্তসকলক কিছু সাহায্য প্ৰদান কৰি মত বিনিময় কৰে সজাতি দলটোৱে । লগতে লাইকাৰ পুনৰ সংস্থাপিত ১৬০ টা পৰিয়াল থকা নামপাই টাপুৰ বানপীড়িত অঞ্চলো পৰিদৰ্শন কৰি বিভিন্ন সমস্যাৰ বুজ লয় ।