বৰপেটাত দিন দুপৰতে চোকা অস্ত্ৰ দেখুৱাই মহিলাৰ ডিঙিৰ পৰা কাঢ়িলে সোণৰ চেইন - Chain Snatching - CHAIN SNATCHING

🎬 Watch Now: Feature Video

thumbnail
মহিলাৰ ডিঙিৰ পৰা কাঢ়িলে সোণৰ চেইন (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : July 4, 2024 at 6:01 PM IST

1 Min Read
Choose ETV Bharat

বৰপেটা,৪ জুলাই: অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে বৰপেটা চহৰ । বৰপেটা চহৰত দিন দুপৰতে চোকা অস্ত্ৰ দেখুৱাই মহিলাৰ ডিঙিৰ পৰা কাঢ়ি নিলে সোণৰ চেইন ৷ বৰপেটাৰ বুদৰুৰটুপৰ মঞ্জু দাস নামৰ এগৰাকী অংগনৱাড়ী কৰ্মীৰ ডিঙিৰ পৰা কাঢ়ি নিয়ে সোণৰ চেইনডাল ৷ মহিলাগৰাকীয়ে জনোৱা অনুসৰি, মটৰ চাইকেলত অহা দুই যুৱকে চোকা অস্ত্ৰ দেখুৱাই মহিলাগৰাকীৰ মুখত সোপা দি ডিঙিৰ পৰা প্ৰায় ডেৰ তোলা ওজনৰ সোণৰ চেইনডাল কাঢ়ি লৈ পলায়ন কৰে ৷  

ইতিমধ্যে এই সন্দৰ্ভত বৰপেটা সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে ৷ ইপিনে দিন দুপৰতে সংঘটিত হোৱা উক্ত ঘটনাটোক কেন্দ্ৰ কৰি বৰপেটা চহৰত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য । শীঘ্ৰে দোষীক কৰায়ত্ত কৰাৰ লগতে আৰক্ষীক অপৰাধীৰ ওপৰত চোকা নজৰ ৰাখিবলৈ আহ্বান জনাই সচেতন ৰাইজে ।

লগতে পঢ়ক: মঠঘৰীয়াত মহিলাৰ ডিঙিৰ পৰা চিলনী চোৰে থপিয়ালে সোণৰ চেইন - Chain Snatching

চিলনী চোৰৰ উৎপাতত সৰগ ভাগি পৰিল এগৰাকী শিক্ষয়িত্ৰীৰ মূৰত

দিন বেয়া আছিল চিলনী চোৰৰ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details