সংখ্যালঘুৰ ভোটেৰেহে কংগ্ৰেছে জয় লাভ কৰিছে : মন্ত্ৰী পীযুষ হাজৰীকা - Pijush hazarika in Golaghat - PIJUSH HAZARIKA IN GOLAGHAT

🎬 Watch Now: Feature Video

thumbnail
গোলাঘাটত মন্ত্ৰী পীযুষ হাজৰীকা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : July 1, 2024 at 2:19 PM IST

2 Min Read
Choose ETV Bharat

গোলাঘাট, 1 জুলাই : দিনজোৰা কাৰ্যসূচীৰে দেওবাৰে গোলাঘাটত উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰীকা ৷ গোলাঘাটৰ জিলা পুথিভঁৰালত অনুষ্ঠিত হোৱা গোলাঘাট সমষ্টিৰ বিজেপিৰ পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ৷

সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে কয়, "আগন্তক পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে ভাল ফল দেখুৱাবলৈ সক্ষম হ'ব । কাৰণ লোকসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে লোকসভা সমষ্টিৰ অন্তৰ্গত 93 টা বিধানসভা সমষ্টিত জয়ী হৈছে । কিন্তু আগন্তুক নিৰ্বাচনৰ বাবে এতিয়াৰে পৰা সকলোৱে ভাল ধৰণে কাম কৰিব লাগিব ৷"

সমান্তৰালভাৱে শেহতীয়া নিৰ্বাচনত প্ৰধান বিৰোধী দল কংগ্ৰেছৰ ফলাফলক সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয়, "কংগ্ৰেছ দলে লোকসভা সমষ্টিৰ অন্তৰ্গত 30 টা বিধানসভা সমষ্টিত জয়ী হৈছে ৷ তাৰে 8 টা সমষ্টি বাদ দিলে বাকীবিলাক হৈছে মূলতঃ সংখ্যালঘু বসতি প্ৰধান অঞ্চল । কিন্তু অকল সংখ্যালঘু ভোটাৰৰ সহায়ত কংগ্ৰেছ দলে 26 ত কোনোমতেই চৰকাৰ গঠন কৰিব নোৱাৰিব ।"

ইয়াৰ লগতে মন্ত্ৰী পীযুষ হাজৰীকাই বিজেপি দলক কেৱল ভাৰতীয় আৰু খিলঞ্জীয়াৰ ভোটৰহে প্ৰয়োজন বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ৷

লগতে পঢ়ক: কংগ্ৰেছৰ চৰকাৰ হ’লে কোনে কাঢ়ি ল’ব অধিকাৰ ? ক’লে পীযুষ হাজৰীকাই - Pijush Hazarika 

প্ৰসংগ সাম্প্ৰদায়িক বক্তব্য : মন্ত্ৰী পীযুষ হাজৰীকাক যোৱা তিনি বছৰৰ অপৰাধৰ তথ্য় বিচাৰিলে বিধায়ক ৰফিকুল ইছলামে - Pijush Hazarika controversial post

কংগ্ৰেছ আৰু এক বিশেষ সম্প্ৰদায়ক লৈ বিস্ফোৰক মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ - Pijush Hazarika Slams Congress

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details