১৫ আগষ্টৰ ভিতৰত সকলো ক্ষতিগ্ৰস্তই পাব সাহায্য: অতুল বৰা - Assam Flood 2024 - হাতীমূৰা মথাউৰি
🎬 Watch Now: Feature Video

Published : July 7, 2024 at 6:27 PM IST
কলিয়াবৰ,৭ জুলাই: হাতীমূৰা মথাউৰিত নিশা উপস্থিত হয় মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্ত । মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত কৃষি মন্ত্ৰী অতুল বৰা আৰু মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত বিভিন্ন বিভাগৰ বিষয়াৰে কলিয়াবৰৰ বান পৰিস্থিতিৰ সন্দৰ্ভত এখন পৰ্যালোচনা সভাত গ্ৰহণ কৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত । সভাৰ অন্তত স্থানীয় বিধায়ক-মন্ত্ৰী কেশৱ মহন্তৰ সৈতে নিশা হাতীমূৰা মথাউৰিত উপস্থিত হৈ মন্ত্ৰী অতুল বৰাই কয়, "হাতীমূৰা মথাউৰি ছিগাৰ নিশাই ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে মথাউৰি পৰিদৰ্শন কৰি বান পৰিস্থিতিৰ তদাৰক আৰু বান সাহায্য বিতৰণৰ বাবে নিৰ্দেশনা দি গৈছিল । কলিয়াবৰত বানাক্ৰান্তৰ বাবে সকলো ধৰণৰ সা-সুবিধাৰ ব্যৱস্থাপনা সঠিক দিশতে আগবাঢ়িছে । বান ক্ষতিগ্ৰস্ত লোকসকলৰ ক্ষতিপূৰণ আৰু সংস্থাপনৰ দিশটোৰ বিষয়ে ইতিমধ্যে আলোচনা হৈছে । "
আনহাতে মন্ত্ৰী কেশৱ মহন্তই কয়, "যেতিয়া এটা মথাউৰি ভাঙে তাৰ পাছৰ পৰ্যায়ত তৎকালীনভাৱে মেৰামতি ব্যৱস্থা কৰে । এতিয়া হাতীমূৰা মথাউৰিৰ শ্লুইচ গে'টৰ সন্মুখৰ ক'ফাৰডামটো জিঅ' বেগৰ জৰিয়তে বন্ধ কৰাৰ কাম চলি আছে । তাৰ বাবে পাৰ্কুপাইনো সংস্থাপিত কৰিছে । অতি সোনকালে এই মেৰামতিৰ কাম সম্পূৰ্ণ কৰাৰ বাবে বিভাগীয় বিষয়া-কৰ্মচাৰীয়ে দিনে-নিশাই ব্যস্ত হৈ আছে ।"