পৰ্যটনৰ ক্ষেত্ৰত ধেমাজিত সূচনা হ’ব নতুন দিগন্ত - DHEMAJI TOURISM
🎬 Watch Now: Feature Video


Published : Jan 12, 2025, 10:53 AM IST
ধেমাজি: শিক্ষামন্ত্ৰী অচিৰেই ধেমাজি জিলাক পৰ্যটন ক্ষেত্ৰত আগুৱাই নিয়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব চৰকাৰে । কিয় পৰ্যটকসকল ধেমাজিলৈ আহিব তাক লৈ শনিবাৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু ধেমাজিত অনুষ্ঠিত হৈ থকা ‘‘আত্মনিৰ্ভৰ ধেমাজি মেলা’’ৰ কাৰ্যসূচীত ধেমজিত পৰ্যটনৰ উদ্যোগ গঢ়ি তোলাৰ উদ্দেশ্যে এইবাৰ নতুনকৈ সংজোযিত হোৱা ‘‘ধেমাজি দৰ্শন’’ৰ বাবে নিৰ্মিত তথ্য চিত্ৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ।
এই উপলক্ষে অনুষ্ঠিত এক সভাত মন্ত্ৰীগৰাকীয়ে কয়, "হোম ষ্টেৰ প্ৰয়োজনীয়তা আছে । হোম ষ্টেৰ পৰা লাভ নহ’ব পাৰে, লোকচান কেতিয়াও নহয় । যেতিয়া হোটেল খুলিব বা লজ খুলিব তেতিয়া লোকচান হ’ব পাৰে । সেয়ে আগন্তুক দিনত জিলাখনত পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ জিলাখনৰ পাঁচখন গ্ৰীন ভিলেজ নিৰ্বাচন কৰা হ’ব । ইয়াৰ বাবে নিৰ্দিষ্ট নিয়মাৱলী থাকিব । নিৰ্বাচিত গাঁও কেইখনৰ উন্নয়নৰ বাবে প্ৰতিখন গাঁৱক ১০ লাখকৈ টকা আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব ।"