গাঁও চলো কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ - চিৰাঙত গাঁও চলো কাৰ্যসূচী

🎬 Watch Now: Feature Video

thumbnail
গাঁও চলো কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ (undefined)

By ETV Bharat Assamese Team

Published : February 16, 2024 at 7:41 AM IST

1 Min Read
Choose ETV Bharat

চিৰাং,১৬ ফেব্ৰুৱাৰী: লোকসভা নিৰ্বাচনৰ পূৰ্বে সাজু হৈছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ নেতা-মন্ত্ৰীসকল । প্ৰান্তে প্ৰান্তে অব্যাহত ৰাখিছে গাঁও চলো অভিযান । সেই অনুসৰি বিজেপিৰ গাঁও চলো অভিযানৰ এক কাৰ্যসূচী লৈ বৃহস্পতিবাৰে নিশা চিৰাঙৰ বাসুগাঁৱত নৈশ যাপন কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । গাঁও চলো কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে আগবঢ়াই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য ।  

তেওঁ কয় যে কংগ্ৰেছৰ লগতে সকলো ৰাজনৈতিক দলৰ দুই এজনৰ বাহিৰে সকলো নেতাৰ সৈতে ভাল সম্পৰ্ক আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিগনেল দিলে দুই এজনৰ বাহিৰে সকলো নেতা আহি ভৰ্তি হ'ব বিজেপি দলত । কোকৰাঝাৰ লোকসভা সমষ্টিত বিজেপি বা ইউপিপিএলৰ যিয়ে প্ৰাৰ্থী হ'ব বিপুল ভোটত জয়ী হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে কোকৰাঝাৰ লোকসভা সমষ্টিত দুবাৰকৈ সাংসদ হোৱা নৱ কুমাৰ শৰণীয়াৰ এইবাৰ কাম নাই । বাসুগাঁৱৰ সচেতন মহলৰ লগতে বয়স্ক ব্যক্তিসকলৰ সৈতে আলোচনাত মিলিত হয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ৷

লগতে পঢ়ক: ৬ মাহৰ ভিতৰত ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন

ABOUT THE AUTHOR

...view details