ৰাণা গোস্বামীয়ে বিজেপিত যোগদান কৰিলে বিজেপিৰ লাভ হ’ব: ৰামেশ্বৰ তেলী - লোকসভা নিৰ্বাচন

🎬 Watch Now: Feature Video

thumbnail
ৰামেশ্বৰ তেলী (undefined)

By ETV Bharat Assamese Team

Published : February 28, 2024 at 10:51 PM IST

1 Min Read
Choose ETV Bharat

ডিব্ৰুগড়, 28 ফেব্ৰুৱাৰী : লোকসভা নিৰ্বাচনক লৈ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে শাসক-বিৰোধী সকলো ৰাজনৈতিক দলৰ । বিজেপিৰ বিৰুদ্ধে ৰাজ্যত গঠন হোৱা বিৰোধী ঐক্যত অন্তৰ্ভুক্ত দলসমূহেও সমষ্টিয়ে সমষ্টিয়ে সাংগঠনিক কাম কাজ কৰাত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে । ৰাজ্যত অধিক শক্তিশালী ৰূপত থকা শাসক দল বিজেপিয়ে ১২টা লোকসভাত আসন লাভ কৰাৰ দাবী উত্থাপন কৰি সমষ্টিয়ে সমষ্টিয়ে দলীয় সভা, যোগদান কাৰ্যসূচী কৰিছে ।

ইয়াৰ সমান্তৰালভাৱে বিৰোধী ঐক্যত চামিল হোৱা আপ, অসম জাতীয় পৰিষদে প্ৰাৰ্থিত্ব দিব খোজা কেইবাটাও সমষ্টিত চলাইছে ৰাজনৈতিক কুচকাৱাজ । ইয়াৰ মাজতে লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলত এটাৰ পাচত আন এটা মোক্ষম আঘাত । কংগ্ৰেছ এৰিছে এজনৰ পাচত আন এজন কংগ্ৰেছ নেতাই । বুধবাৰে আনুষ্ঠানিকভাৱে কংগ্ৰেছ এৰিলে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে ।

উজনিৰ অতি শক্তিশালী কংগ্ৰেছ নেতাজনে দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰিব বুলি খবৰ ওলাইছিল । ইয়াৰ পাচতে টিংখাঙত ৰাণা গোস্বামীৰ বিজেপিত যোগদান সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে । প্ৰাক্তন কংগ্ৰেছ নেতাজনৰ লগত ভাল সম্পৰ্ক থকা বুলি উল্লেখ কৰি ৰামেশ্বৰ তেলীয়ে কয়, ‘তেওঁ এজন অভিজ্ঞ ৰাজনৈতিক ব্যক্তি । তেওঁৰ বিজেপিত যোগদান কৰিলে বিজেপি দলৰ লাভ হ’ব ।’

লগতে পঢ়ক : দিল্লীত গেৰুৱা বসন পিন্ধিবলৈ সাজু ৰাণা গোস্বামী; যোৰহাটত মিশ্ৰিত প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details