ডিব্ৰুগড়ত ভূমিপট্টা প্ৰদান কৰিলে মন্ত্ৰী নন্দিতা গাৰ্লোছাই - mission basundhara 2

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : February 25, 2024 at 3:13 PM IST

1 Min Read
Choose ETV Bharat

ডিব্ৰুগড়, 25 ফেব্ৰুৱাৰী: সমাগত লোকসভা নিবাৰ্চনক লৈ শাসক বিৰোধী সকলো ৰাজনৈতিক দল তৎপৰ হোৱা সময়ত ৰাজ্য চৰকাৰে সমষ্টিয়ে সমষ্টিয়ে বিশাল সভা অনুষ্ঠিত কৰি প্ৰদান কৰিছে ভূমি পট্টা ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিয়া অনুসৰি ভূমিহীন খিলঞ্জীয়া লোকক আনুষ্ঠানিকভাৱে ভূমি পট্টা প্ৰদান কৰিছে ৰাজ্য চৰকাৰে । যেন লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাইজৰ ওচৰলৈ পুনৰ চৰকাৰখনৰ সফলতাক লৈ যোৱা চেষ্টা কৰিছে মুখ্যমন্ত্ৰীয়ে । মুখ্যমন্ত্ৰীৰ নিৰ্দেশ ডিব্ৰুগড় জিলাত আজি আনুষ্ঠানিকভাৱে মিছন বসুন্ধৰা 2.0 আঁচনিৰ অধীনত ভূমিহীন খিলঞ্জীয়া লোকক আনুষ্ঠানিকভাৱে ভূমি পট্টা প্ৰদান কৰে ।

চহৰখনৰ শ্ৰীশ্ৰী আউনীআটী শাখা সত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত ডিব্ৰুগড় সমষ্টিৰ পূব আৰু পশ্চিম ৰাজহ চক্ৰৰ অধীনত ৫৩০ গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে মিছন বসুন্ধৰা 2.0ৰ অধীনত ভূমি পট্টা প্ৰদান কৰে ।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী নন্দিতা গাৰ্লোছা, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰ, ডিব্ৰুগড় পৌৰসভাৰ পৌৰপতি ডাঃ চৈকত পাত্ৰ, জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ লগতে বিভাগৰ বিষয়াসকল ৷

লগতে পঢ়ক: সত্ৰৰ ভূমি সুৰক্ষাৰ বাবে অসম চৰকাৰে সৃষ্টি কৰিব ব্লক, বেল্ট; ঘোষণা মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details