’অৱ কী বাৰ, ৪০০ পাৰ’ শ্ল’গানে শক্তি দিয়ে বিজেপিৰ দলীয়-কৰ্মকৰ্তাসকলক : যোগেন মহন - যোগেন মহন

🎬 Watch Now: Feature Video

thumbnail
মন্ত্ৰী যোগেন মহন (undefined)

By ETV Bharat Assamese Team

Published : February 20, 2024 at 10:43 PM IST

1 Min Read
Choose ETV Bharat

ডিব্ৰুগড়, 20 ফেব্ৰুৱাৰী: ’২৪ৰ লোকসভা নিৰ্বাচনত বিৰোধীক অস্তিত্বহীন কৰি বিজেপিয়ে এককভাৱে ৪০০ আসন লাভ কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে  ৷  ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছে ‘অৱ কী বাৰ, ৪০০ পাৰ’ । এই  মন্তব্য মন্ত্ৰী যোগেন মহনৰ ৷

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে প্ৰধানমন্ত্ৰীৰ এই শ্ল’গানে শক্তি দিয়ে বিজেপিৰ দলীয়-কৰ্মকৰ্তাসকলক । এইবাৰ ৪০০ আসন পাৰ কৰিবলৈ বদ্ধপৰিকৰ বিজেপিৰ কৰ্মকৰ্তাসকল । ৰাইজ এতিয়া বিজেপিৰ লগত আছে । লোকসভা নিৰ্বাচন জয়ৰ বাবে বিজেপিৰ কষ্ট নহয় ।

উল্লেখ্য যে মন্ত্ৰী যোগেন মহনে মৰাণৰ হিংৰিজানত মন্তব্য প্ৰদান কৰে এনেদৰে । মঙলবাৰে মাহমৰা সমষ্টিৰ হিংৰিজান চাহ বাগিচাত ‘জগন্নাথ প্ৰেক্ষাগৃহ আৰু দক্ষতা বিকাশ কেন্দ্ৰ’ৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰীগৰাকীয়ে ।

প্ৰায় ডেৰ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া এই প্ৰেক্ষাগৃহৰ পৰা সকলোৱে উপকৃত হ'ব পাৰিব বুলি আশা মন্ত্ৰীগৰাকীৰ । ইফালে যিকোনো মুহুৰ্তত লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিলেও বিজেপি দল সম্পূৰ্ণৰূপে সাজু হৈ আছে বুলি মন্তব্য প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক: পানেৰী সমষ্টিত কেইবা কোটিৰ আঁচনিৰ আধাৰশিলা স্থাপন

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details