জাতিটোৰ জাতীয়তাবাদৰ ওপৰত প্ৰচণ্ড আক্ৰমণ কৰিছিল কংগ্ৰেছ দলে : জয়ন্ত মল্লবৰুৱা - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

🎬 Watch Now: Feature Video

thumbnail
ডিব্ৰুগড়ত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা (undefined)

By ETV Bharat Assamese Team

Published : April 7, 2024 at 4:22 PM IST

2 Min Read
Choose ETV Bharat

ডিব্ৰুগড়, 7 এপ্ৰিল : লোকসভা নিৰ্বাচনৰ পিচতেই ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একত্ৰিত হৈ নতুন দল গঠন কৰিব বুলি অখিল গগৈয়ে কৰা ঘোষণাক কটাক্ষ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ ৷ "যাৰ ভবিষ্যত নাই সি যি-টি ঘোষণা কৰিব পাৰে" বুলি বিধায়ক অখিল গগৈ আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিৰোধী ঐক্যৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈক কটাক্ষ মন্ত্ৰীগৰাকীৰ ৷ 

তেওঁ কয় যে, যাৰ কোনো ভৱিষ্যতেই নাই, জিকাৰ কোনো কথাই আহিব নোৱাৰে তেওঁলোকে কোৱাত একো অসুবিধা নাই ৷ তেওঁলোকে নিজেই জানে যে, জিকিবৰ কাৰণে তেওঁলোকে নিৰ্বাচন খেলা নাই ৷ সেইবাবে তেওঁলোকে যি-টি ক’ব পাৰে, তাত কোনো অসুবিধা নাই বুলি মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৷

ইফালে ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপি দলৰ প্ৰতিদ্বন্দ্বিতাই নাই বুলি মন্তব্য কৰে মন্ত্ৰী বৰুৱাই ৷ লগতে সমষ্টিটোত বিজেপি প্ৰাৰ্থীগৰাকী যি বিশাল ভোটৰ ব্যৱধানত জয়ী হ’ব তাক প্ৰতিদ্বন্দ্বিতা নকয়, তাক একচেটীয়া বিজয় কয় বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ আনহাতে কংগ্ৰেছৰ লগত থাকি জাতীয়তাবাদৰ কোনো মূল্য নাই বুলি কয় মন্ত্ৰী বৰুৱাই ৷ 

তেওঁ কয় যে, জাতিটোৰ জাতীয়তাবাদৰ ওপৰত প্ৰচণ্ড আক্ৰমণ কৰিছিল কংগ্ৰেছ দলে ৷ 855 জন শ্বহীদ কৰা কংগ্ৰেছ দলৰ লগত থাকি কোনোবাই জাতীয়তাবাদৰ কথা ক’ব, সেই জাতীয়তাবাদক কোনো স্বীকৃতি দিব ৷ তেনেকুৱা ভুৱা জাতীয়তাবাদী অসমৰ ৰাইজে চিনি পাই আৰু এইবাৰৰ নিবাৰ্চনৰ পিচতেই ৰাইজে চিনি পাব ভুৱা জাতীয়তাবাদৰ স্থিতি কি বুলি মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৷

লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ এটাই চিন্তা ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব : ভূপেন বৰা - Lok Sabha Election 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details