কাজিৰঙাত প্ৰধানমন্ত্ৰীৰ জীপ-হাতী ছাফাৰীয়ে বিশ্বত খলকনি তুলিব: জয়ন্ত মল্লবৰুৱা - pm modi kaziranga visit
🎬 Watch Now: Feature Video

Published : March 9, 2024 at 7:47 PM IST
যোৰহাট, 9 মাৰ্চ : ‘উন্নয়নৰ বাবে আমি ১২খন আসন উপহাৰ দিয়াৰ প্ৰস্ততি চলাম আজিৰ পৰা ৷' যোৰহাটত এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৮ মাৰ্চত কাজিৰঙাৰ আৰক্ষী অতিথিশালাত নৈশ যাপন কৰাৰ পিচত শনিবাৰে পুৱাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে হাতী আৰু জীপ ছাফাৰীৰে কাজিৰঙা নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰে ৷ প্ৰধানমন্ত্ৰীৰ কাজিৰঙা ভ্ৰমণে সমগ্ৰ বিশ্বত এক প্ৰকাৰ আজিৰে পৰাই খলকনিৰ সৃষ্টি কৰিব আৰু আজি দিনটো অসমৰ বাবে এটা গৌৰৱৰ আৰু ঐতিহাসিক দিন বুলি মেলেং মেটেলিৰ মোদীৰ জনসভাৰ পৰাই মন্তব্য প্ৰদান কৰে পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ।
আনহাতে ১০ বছৰে অসম তথা উত্তৰ-পূৱৰ বিকাশ আৰু উন্নয়নৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে কৰি অহা কাৰ্যৰ প্ৰতিদান হিচাপে অসমৰ ১৪ খন লোকসভা আসনৰ ভিতৰত ১২ খন আসন প্ৰতিদান হিচাপে প্ৰদান কৰিব আৰু এই কাৰ্যৰ প্ৰস্তুতি আজিৰ পৰাই আৰম্ভ হ’ল বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই মত প্ৰকাশ কৰে । ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমি তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত বহুওৱাটো হ’ল ৰাষ্টসেৱা আৰু আমি অসমবাসীৰ মন জয় কৰিম আৰু অসমৰ পৰা অতি কমেও ১২ খন আসন দিব পাৰিম’, এই বুলি মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই । উল্লেখ্য যে, দুদিনীয়া অসম ভ্ৰমণসূচী সামৰি আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰ পৰা বিমান যোগে নিজ গন্তব্য স্থানলৈ ৰাওনা হয় ।
লগতে পঢ়ক : মূৰত মুগাৰ পাগুৰি, গাত পৰম্পৰাগত আহোম সাজেৰে লাচিতৰ বিশাল প্ৰতিমূৰ্তি উন্মোচন প্ৰধানমন্ত্ৰীৰ