টায়াৰ জ্বলাই সিংহ গৰ্জন তুলিলে উন্নয়ন নহয় : বিমল বড়া - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : March 28, 2024 at 7:01 PM IST

1 Min Read
Choose ETV Bharat

ডিব্ৰুগড়, 28 মাৰ্চ : নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ডিব্ৰুগড় লোকসভা সমষ্টিত প্ৰচাৰ তুংগত উঠিছে শাসক-বিৰোধী সকলো দলৰে । নেতাৰ তীব্ৰ বাক্যবাণত ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাজনৈতিক পৰিৱেশ ক্ৰমাৎ গৰম হৈ পৰিছে । নতুন নতুন কৌশলেৰে সকলো প্ৰাৰ্থীয়ে চলাইছে মাৰাথন প্ৰচাৰ অভিযান ।

ডিব্ৰুগড় লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ চলাই বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে নিৰ্বাচনত জয়ী হ'লে সংসদত সিংহৰ দৰে গৰ্জন তুলিব বুলি মন্তব্য কৰাৰ পিচতে কেবিনেট মন্ত্ৰী বিমল বড়াই উভতি ধৰিছে লুৰীণজ্যোতি গগৈক । খোৱাঙত এখন নিৰ্বাচনী সভাত লুৰীণৰ নাম উল্লেখ নকৰাকৈ মন্ত্ৰীজনে কয় “টায়াৰ জ্বলাই সিংহৰ গৰ্জন তুলিলে উন্নয়ন নহয় । নিশা টায়াৰ জ্বলাই ৰাইজক উচটালে উন্নয়ন স্থবিৰহে হ'ব ।” বিমল বড়াই কয় “আমি গৰ্জন নোতোলো, আমি ৰাইজক বিদ্যুৎ দি পোহৰ দিওঁ, ৰাস্তা বনাওঁ, মহিলাক লাখপতি বনাওঁ” ।

উল্লেখ্য যে, আজি মৰাণ আৰু খোৱাঙৰ চাৰিটাকৈ অঞ্চলত চাৰিখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে কেবিনেট মন্ত্ৰীজনে । ডিব্ৰুগড় প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ চলোৱা এই নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠান কেইটাত বহুসংখ্যক লোকে বিজেপি দলত যোগদান কৰে ।

লগতে পঢ়ক : ভূপেন বৰাৰ ভাগ্য বিজেপি দলতহে আছে, মুখ্যমন্ত্ৰী হ’লেও বিজেপিৰ পৰাহে হ’ব: ড৹ শৰ্মা - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details