সদৌ অসম ছাত্ৰ সন্থাক তীব্ৰ সমালোচনা মন্ত্ৰী বিমল বড়াৰ - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : March 28, 2024 at 10:58 PM IST

1 Min Read
Choose ETV Bharat

ডিব্ৰুগড়, 28 মাৰ্চ : ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত মৰাণৰ খোৱাং, তিলৈনগৰ, ডোমৰদলং গ্ৰেজিংবাম, মৰাণ মিৰিহোলা আৰু মৰাণ খটখটিত বৃহস্পতিবাৰে সৰ্বানন্দ সোণোৱালৰ পাঁচখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী বিমল বড়াই । এই প্ৰচাৰৰ মাজতে সদৌ অসম ছাত্ৰ সন্থাক তীব্ৰ সমালোচনা কৰে মন্ত্ৰী বিমল বড়াই । কিয়নো এই নিৰ্বাচনী প্ৰচাৰৰ সময়ত নেতা আৰু প্ৰাৰ্থীসকলে বিজেপিয়ে কোনো ধৰণৰ জাতীয় সমস্যাক গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছিল । ইয়াৰ পাচতে সদৌ অসম ছাত্ৰ সন্থাক উভতি ধৰে মন্ত্ৰী বিমল বড়াই ৷

মন্ত্ৰী বিমল বড়াই কয় যে আছু এতিয়া বহু পুৰণি হ'ল । আছুৱে বিজেপি চৰকাৰৰ উন্নয়ন নেদেখে বুলি আছুৰ নেতৃত্বক সমালোচনা কৰি মন্ত্ৰী বিমল বড়াই কয় যে বিজেপি চৰকাৰৰ দিনত অসমত মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ, পলিটেকনিককে ধৰি শিক্ষাৰ ক্ষেত্ৰত আৰু নিয়োগৰ ক্ষেত্ৰত অভূতপূৰ্ৱ পৰিবৰ্তন হৈছে ৷ এই সকলো কথা নিবাৰ্চনী প্ৰচাৰ সভাত ক'ব লাগে বুলি কোনো কথা নাই । সদৌ অসম ছাত্ৰ সন্থাৰ চিন্তাধাৰা অমূলক বুলি মন্তব্য কৰে মন্ত্ৰী বিমল বড়াই ।

লগতে পঢ়ক : টায়াৰ জ্বলাই সিংহ গৰ্জন তুলিলে উন্নয়ন নহয় : বিমল বড়া - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details