তিনিচুকীয়াত মন্ত্ৰী অশোক সিংহলৰ জি এছ টি সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বৈঠক - Goods and Services Tax - GOODS AND SERVICES TAX
🎬 Watch Now: Feature Video

Published : July 4, 2024 at 8:18 PM IST
তিনিচুকীয়া, ৪ জুলাই : মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি জি এছ টিৰ স’তে জড়িত সৰু সৰু সমস্যাসমূহৰ বুজ লৈ কেবিনেটত দাখিল কৰিবলৈ বৃহস্পতিবাৰে তিনিচুকীয়াৰ কনভেনচন চেণ্টাৰত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷
এই সভাত তিনিচুকীয়া, ডুমডুমা, নাহৰকটীয়া, ডিগবৈ, ডিব্ৰুগড়, লখিমপুৰ আৰু ধেমাজিৰ জি এছ টিৰ স’তে জড়িত শতাধিক লোক উপস্থিত থাকে ৷ বৈঠকত উপস্থিত লোকসকলে জি এছ টিৰ স’তে জড়িত বিভিন্ন অভাৱ-অভিযোগ তথা সমস্যাসমূহ উল্লেখ কৰে ৷
উক্ত বৈঠকত অসম চৰকাৰৰ নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংহল বিশেষভাৱে উপস্থিত থকাৰ উপৰি শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ, বিধায়ক সুৰেণ ফুকন, প্ৰশান্ত ফুকন, ৰূপেশ গোৱালা, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ কাজল গোঁহাই, তিনিচুকীয়া পৌৰসভাৰ অধ্যক্ষ পবিত্ৰ গগৈ তথা বিভাগীয় বিষয়াসকল উপস্থিত থাকে ।