অৰুণাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলন; বন্ধ হৈ পৰিল পাচিঘাট-পাংগিন সংযোগী পথ - Landslide in Arunachal pradesh - LANDSLIDE IN ARUNACHAL PRADESH
🎬 Watch Now: Feature Video


Published : July 6, 2024 at 2:20 PM IST
জোনাই, 6 জুলাই: অৰুণাচলত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত পুনৰ সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা । অৰুণাচল প্ৰদেশৰ চিয়াং জিলাৰ বাবুক গাঁৱৰ সমীপৰ 13 নং ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰৰ পুৱাই সংঘটিত হৈছে এই ভূমিস্খলনৰ ঘটনাটো । এই ভূমিস্খলনৰ ফলত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে পাছিঘাট-পাংগিন সংযোগী পথচোৱা ।
পুৱাই সংঘটিত হোৱা এই ভূমিস্খলনৰ ফলত যাতায়ত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে । পথত আৱদ্ধ হৈ পৰিছে এম্বুলেন্সৰ লগতে শ শ যান-বাহন । বৰ্তমানেও পাহাৰৰ ওপৰৰ পৰা মাটি খহিয়েই আছে বুলি জানিব পৰা গৈছে । ঘটনাৰ পিছতে অৰুণাচল প্ৰশাসনে পুনৰ পথচোৱাৰে যাতায়ত সুচল কৰিবৰ বাবে তীব্ৰ গতিত মেৰামতিৰ কাম আৰম্ভ কৰিছে যদিও পাহাৰৰ পৰা মাটি খহা অব্যাহত থকাৰ বাবে মেৰামতিৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে বুলি জানিব পৰা গৈছে ।