বৰপথাৰত গেৰুৱা হ’ল আছু-জাতীয় পৰিষদৰ নেতা - Lok Sabha Election 2024
🎬 Watch Now: Feature Video


Published : February 24, 2024 at 8:52 PM IST
সৰুপথাৰ, ২৪ ফেব্ৰুৱাৰী: লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত গোলাঘাটৰ বৰপথাৰত ভাৰতীয় জনতা পাৰ্টীৰ বৃহৎ যোগদান কাৰ্যসূচী । বৰপথাৰত মণ্ডল বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হয় শাসকীয় দলটোত যোগদান কাৰ্যসূচী ৷
সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, বিজেপি ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক দীপ্লু ৰঞ্জন শৰ্মা, উপ-সভাপতি পুলক গোহাঁইৰ লগতে জিলা বিজেপিৰ সভাপতি দেৱপ্ৰদীপ বৰাৰ উপস্থিতিত বৰপথাৰ মণ্ডল বিজেপিৰ কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হয় যোগদান কাৰ্যসূচীটো ৷
উক্ত কাৰ্যসূচীতে সদ্য বিদায়ী সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য শশধৰ গগৈ, গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ সভাপতি যদুমণি গগৈ, গোলাঘাট জিলা শিক্ষা সম্পাদক ৰিকি বৰাৰ লগতে কংগ্ৰেছ, অসম জাতীয় পৰিষদৰ প্ৰায় সহস্ৰাধিক লোকে বিজেপিত যোগদান কৰে ।
আনহাতে উক্ত যোগদান কাৰ্যসূচীত কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাক্ষী দীপ্লু ৰঞ্জন শৰ্মা উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত কাজিৰঙা সমষ্টিৰ টিকটৰ লগতে ৰাহুল গান্ধীৰ ন্যায় সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে ।
লগতে পঢ়ক: দিল্লীত নিৰ্বাচনী ভাৰপ্ৰাপ্তসকলৰ সৈতে জে পি নাড্ডাৰ গুৰুত্বপূৰ্ণ বৈঠক