নামৰূপত অগ্নিকাণ্ড, ভস্মীভূত ৫ খন ব্যৱসায়িক প্ৰতিষ্ঠান - Namrup FIRE INCIDENT - NAMRUP FIRE INCIDENT

🎬 Watch Now: Feature Video

thumbnail
নামৰূপত ভয়ংকৰ অগ্নিকাণ্ড, ভস্মীভূত ৫ খন ব্যৱসায়িক প্ৰতিষ্ঠান (undefined)

By ETV Bharat Assamese Team

Published : April 11, 2024 at 10:40 AM IST

1 Min Read
Choose ETV Bharat

ডিব্ৰুগড়, ১১ এপ্ৰিল : জুই, কেৱল মাথোঁ জুই ৷ এইবাৰ জুই লাগিল ডিব্ৰুগড়ৰ নামৰূপত ৷ জুইত জাহ গ’ল কেইবাখনো ব্যৱসায়ীক প্ৰতিষ্ঠান ৷ জানিব পৰা মতে, বুধবাৰে নিশা নামৰূপত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । নামৰূপ সাহিত্য সভাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হয় এই অগ্নিকাণ্ডটো ৷

এই অগ্নিকাণ্ডত পাঁচখন ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণ ৰূপে জ্বলি ছাঁই হৈ যায় ৷ ঘটনা সন্দৰ্ভত খবৰ লাভ কৰাৰ পাচতে নামৰূপ সাৰকাৰখানা আৰু পেট্ৰ’কেমিকেলচৰ অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত বহু সময় চেষ্টাৰ অন্তত নিৰ্বাপিত হয় জুই ৷

শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে সকলোৱে । এই অগ্নিকাণ্ডত কেইবা লক্ষাধিক সম্পত্তি ক্ষতি হোৱাৰ অনুমান কৰা হৈছে । ঘটনাক কেন্দ্ৰ কৰি বুধবাৰে নিশা নামৰূপত এক তীব্ৰ উত্তেজনাময় পৰিৱেশ সৃষ্টি হয় ।

লগতে পঢ়ক : গোৱালপাৰাৰ দুধনৈত ভয়ংকৰ অগ্নিকাণ্ড, ভস্মীভূত লক্ষাধিক মূল্যৰ সা-সম্পত্তি - Fire in Goalpara

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details