ভয়ংকৰ নাও দুৰ্ঘটনা: কথমপি প্ৰাণৰক্ষা বহু যাত্ৰীৰ - BOAT ACCIDENT IN DHUBURI
🎬 Watch Now: Feature Video


Published : March 20, 2025 at 10:40 PM IST
ধুবুৰী: ধুবুৰীত সংঘটিত ভয়ংকৰ নাও দুৰ্ঘটনা । ব্ৰহ্মপুত্ৰৰ বুকুত নাৱৰ তলি খহি পৰাত যাত্ৰীৰ মাজত সৃষ্টি হয় এক হাহাকাৰ পৰিস্থিতিৰ । ধুবুৰী জিলাৰ ছালবান্দা চৰত বৃহস্পতিবাৰে হয় এই ভয়ংকৰ দুৰ্ঘটনাটো । শতাধিক যাত্ৰীসহ নাওখন ডুব যাবলৈ ধৰোঁতে হাহাকাৰ লাগে যাত্ৰীসকলৰ মাজত । কথমপি প্ৰাণৰক্ষা পৰে বহু যাত্ৰীৰ । বৃহস্পতিবাৰে বিয়লি আনুমানিক ৫ বজাত ধুবুৰীৰ পৰা ছালবান্দা চৰলৈ যোৱাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনাটো ।
ব্ৰহ্মপুত্ৰৰ মাজত এখন যাত্ৰীবাহী নাৱৰ তলি খহি যায় যদিও পিছফালে থকা ফেৰিৰে নাওখন ততালিকে বালিৰ চৰৰ ওচৰত চপাই দিয়াৰ ফলত যাত্ৰীসকলৰ প্ৰাণ ৰক্ষা পৰে । যন্ত্ৰচালিত নাওখনত আছিল প্ৰায় ৬০ জনৰো অধিক শিশু আৰু পুৰুষ-মহিলা যাত্ৰী ।