শিৱৰাত্ৰিৰ আনন্দ উল্লাসৰ মাজতে মাজুলীত অঘটন - bhang on mahashivratri

🎬 Watch Now: Feature Video

thumbnail
মাজুলীত অঘটন (undefined)

By ETV Bharat Assamese Team

Published : March 9, 2024 at 10:40 PM IST

1 Min Read
Choose ETV Bharat

মাজুলী, 9 মাৰ্চ : অসমত উলহ-মালহেৰে পালন কৰা হৈছে মহাশিৱৰাত্ৰি ৷ সকলোৱে ভগৱান শিৱৰ আশীষ বিচাৰি মন্দিৰত ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ এই আনন্দ উল্লাসৰ মাজতে মাজুলীত সংঘটিত হৈছে এক অঘটন ৷

মহাশিৱৰাত্ৰিৰ দিনটোতে সাত-আঠজনীয়া দল এটাই ভাঙৰ পাত খোৱাৰ মন মেলে ৷ ভবা মতেই কাম ৷ ভাঙৰ পাত চিঙি আনি ভাজি খাই তেওঁলোকে ৷ তাৰ পিচতে ঘটে অঘটন ৷ অসুস্থ হৈ পৰে তেওঁলোক ৷ দলটোত শিশুও আছিল বুলি জানিবলৈ দিছে স্থানীয় লোকে ৷

বিষক্ৰিয়া হৈ সাতজন লোক এতিয়া চিকিৎসাধীন হৈ আছে । অসুস্থ হোৱা আটাইকে গড়মূৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । চাৰিবছৰীয়া আৰু দহবছৰীয়া শিশুসহ সাতজন লোকৰ চিকিৎসা চলি আছে । মাজুলীৰ জম্বো চুকত সংঘটিত হৈছে এই দুখলগা ঘটনা । ভাঙৰ পাতৰ ভাজি খাই সকলোৰে মূৰৰ কামোৰণি, বমি আদি হয় যাৰ ফলশ্ৰুতিত অসুস্থ হোৱা লোকসকলক গড়মূৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰে স্থানীয় ৰাইজে ।

লগতে পঢ়ক : কাছাৰৰ ভূৱন তীৰ্থত শিৱৰ আৰাধনা কৰিবলৈ গৈ শিৱভক্তৰ মৃত্যু

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details