মাজুলীত খাদ্যত বিষক্ৰিয়া হৈ আক্রান্ত কুৰিৰো অধিক - Food poisoning - FOOD POISONING

🎬 Watch Now: Feature Video

thumbnail
মাজুলীত খাদ্যত বিষক্ৰিয়া হৈ আক্রান্ত কুৰিৰো অধিক (undefined)

By ETV Bharat Assamese Team

Published : March 30, 2024 at 7:40 PM IST

1 Min Read
Choose ETV Bharat

মাজুলী, ৩০ মাৰ্চ: মাজুলীত খাদ্যত বিষক্ৰিয়া হৈ শনিবাৰে কুৰিজনৰো অধিক লোক কমলাবাৰী ৰাজ্যিক চিকিৎসালয়ত চিকিৎসাধীন হ’বলগীয়া হয় ৷ জানিব পৰা মতে, শুকুৰবাৰে মাজুলীৰ জাৰণী সোণোৱাল গাঁৱৰ এজন লোকৰ ঘৰত অনুষ্ঠিত সকামত প্ৰসাদ খোৱাৰ পাচত আজি পুৱাৰে পৰা কেইবাজনো লোকৰ শৌচ-বমি হয় । লগে লগে আটাইকেইজনক আজি কমলাবাৰী ৰাজ্যিক চিকিৎসালয় ভৰ্তি কৰোৱা হয় ।

কমলাবাৰী ৰাজ্যিক চিকিৎসালয়ত চিকিৎসা আগবঢ়োৱাৰ পাচত প্ৰায় ১৩ জন লোকক ঘৰলৈ যাবলৈ দিয়া হয় ৷ আনহাতে বাকীকেইজন লোকক বাতৰি লিখা পৰলৈকে চিকিৎসালয়তে ৰাখি সেৱা আগবঢ়োৱা হৈছে বুলি জানিব পৰা হৈছে । অৱশ্যে আটাইকেইজনৰে স্বাস্থ্য বৰ্তমান সুস্থিৰ বুলি জানিব পৰা হৈছে ৷ ইফালে এই খবৰ লাভ কৰাৰ পাচতেই স্থানীয় বিধায়ক ভূবন গাম কমলাবাৰী ৰাজ্যিক চিকিৎসালয়ত উপস্থিত হৈ আক্রান্তসকলৰ স্বাস্থ্যৰ বুজ লয় ।

লগতে পঢ়ক: শিৱৰাত্ৰিৰ আনন্দ উল্লাসৰ মাজতে মাজুলীত অঘটন

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details