মণিৰাম দেৱান ট্ৰেড চেণ্টাৰ চৌহদত স্থাপন হ’ব মণিৰাম দেৱানৰ প্ৰতিমূৰ্তি - কলিতা জনগোষ্ঠী

🎬 Watch Now: Feature Video

thumbnail
মণিৰাম দেৱান ট্ৰেড চেণ্টাৰৰ চৌহদত স্থাপন হ’ব মণিৰাম দেৱানৰ প্ৰতিমূৰ্তি (undefined)

By ETV Bharat Assamese Team

Published : February 27, 2024 at 8:30 AM IST

1 Min Read
Choose ETV Bharat

গুৱাহাটী, 27 ফেব্ৰুৱাৰী: সোমবাৰে মহানগৰীৰ বেতকুছিস্থিত মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত বীৰ ছহিদ ’মণিৰাম দেৱান দিৱস’ উদযাপন কৰা হয় । সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলন আৰু অসম বাণিজ্য উন্নয়ন সংস্থাৰ উদ্যোগত উদযাপন কৰা হয় এই বীৰ ছহিদ মণিৰাম দেৱান দিৱস । এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰা হয় বিশেষ আলোচনা সত্ৰ আৰু সম্বৰ্ধনা অনুষ্ঠান । 

আলোচনা সত্ৰত মণিৰাম দেৱানৰ জীৱন আৰু কৰ্মৰাজি সন্দৰ্ভত বিশদভাবে আলোচনা কৰা হয় । উক্ত অনুষ্ঠানতে অসমত থকা 80 লাখ কলিতা জনগোষ্ঠীৰ লোকৰ অৰিহণাৰে মণিৰাম দেৱানৰ এটা পূৰ্ণাংগ প্ৰতিমূৰ্তি মণিৰাম দেৱান ট্ৰেড চেণ্টাৰৰ চৌহদতে স্থাপন কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হয় । 

অনুষ্ঠানটোত উপস্থিত থাকে অসম বাণিজ্য উন্নয়ন সংস্থাৰ অধ্যক্ষ সুনীল ডেকা, উপাধ্যক্ষ মধুৰাম ডেকা, অসম প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতা, জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতা, অসম ৰাজ্যিক পৰিবহন নিগমৰ অধ্যক্ষ প্ৰণৱ কুমাৰ লহকৰকে ধৰি বহু বিশিষ্ট ব্যক্তি ।

লগতে পঢ়ক: ড৹ হিমন্ত বিশ্ব শৰ্মালৈ গণশিল্পী মঘাই ওজা বঁটা

ABOUT THE AUTHOR

...view details