পত্নীক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা স্বামীৰ - crime news in Assam

🎬 Watch Now: Feature Video

thumbnail
পত্নীক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা স্বামীৰ (undefined)

By ETV Bharat Assamese Team

Published : February 12, 2024 at 4:20 PM IST

2 Min Read
Choose ETV Bharat

শিলচৰ, 12 ফেব্ৰুৱাৰী : কাছাৰ জিলাৰ ধলাই আৰজানপুৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৷  শহুৰেকৰ ঘৰতে পত্নীক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা চলালে স্বামীয়ে । এই ভয়ংকৰ ঘটনা সংঘটিত কৰি পলাই যোৱাৰ সময়ত স্থানীয় ৰাইজে অভিযুক্ত স্বামীক কৰায়ত্ত কৰি আৰক্ষীক গতাই  দিয়ে ৷  

ঘটনা অনুসৰি, যোৱা ডেৰ বছৰৰ পূৰ্বে ধলাই আৰজানপুৰত চকাজ আলমৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল আৰজানপুৰ গাঁৱৰ ফৰিদা বেগম নামৰ মহিলাগৰাকীয়ে । কিন্তু বিবাহৰ পিচৰে পৰা মহিলাগৰাকীক স্বামী চকাজ আলমে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল । স্বামীৰ নিৰ্যাতন সহিব নোৱাৰি বিগত কেইদিনৰ পূৰ্বে ফৰিদা বেগমক পিতৃ পৰিয়ালৰ লোকে স্বামীগৃহৰপৰা লৈ যায় । 

কিন্তু যোৱা দুদিন পূৰ্বে হঠাৎ শহুৰেকৰ ঘৰত আহি উপস্থিত হয় স্বামী চকাজ আলম। তেওঁ পত্নী ফৰিদা বেগমক জোৰ জবৰদস্তি লগত লৈ যোৱাৰ চেষ্টা কৰে । কিন্তু পত্নী ফৰিদা বেগমে তেওঁৰ লগত যোৱাত আপত্তি কৰাত স্বামীয়ে বেগৰ পৰা দা এখন উলিয়াই পত্নীক উপৰ্যুপৰি আক্ৰমণ আৰম্ভ কৰে ৷ 

ইপিনে এই ঘটনা সংঘটিত কৰি স্বামী চকাজে পলাই যোৱাৰ চেষ্টা কৰে যদিও তেওঁক স্থানীয় একাংশ লোকে আটক কৰে । ইয়াৰ পিচতে আৰক্ষীক খবৰ দি স্থানীয় লোকে অভিযুক্ত স্বামীক আৰক্ষীক চমজাই দিয়ে ৷ সম্প্ৰতি মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷  

ঘটনা সন্দৰ্ভত ফৰিদা বেগমৰ পিতৃয়ে ধলাই আৰক্ষী চকীত স্বামী চকাজ আলমৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি কঠোৰ শাস্তিৰ দাবী কৰিছে ।

লগতে পঢ়ক: শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীক যৌন শোষণৰ অভিযোগ ছাত্ৰীৰ; এজাহাৰ দাখিল

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details