ধুমুহা-শিলাবৃষ্টিৰ ফলত চাবুৱাত এজনৰ মৃত্যু - থানাই চাহ বাগিচা

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : March 5, 2024 at 9:21 PM IST

1 Min Read

ডিব্ৰুগড়, 5 মাৰ্চ : ডিব্ৰুগড়ত প্ৰকৃতিয়ে লৈছে ৰুদ্ৰ ৰূপ । আজি (মঙলবাৰ) বিয়লি ভাগত অহা প্ৰচণ্ড বতাহ, ধুমুহা আৰু শিলা বৃষ্টিৰ ফলত ডিব্ৰুগড় জিলাৰ চাবুৱাৰ বিভিন্ন অঞ্চলৰ শতাধিক পৰিয়ালৰ ঘৰ, গছ-গছনি ধ্বংস কৰে । এই প্ৰচণ্ড বতাহ, ধুমুহা আৰু শিলা বৃষ্টিৰ ফলত প্ৰাণ গ’ল চাবুৱা মোকালবাৰী চাহ বাগিচাৰ এজন শ্ৰমিকৰ । প্ৰচণ্ড ধুমুহাত গছ উভালি পৰি মৃত্যু হোৱা শ্ৰমিকগৰাকীৰ নাম কৈলাশ তাঁতি বুলি জানিব পৰা গৈছে ।

ইফালে এই শিলাবৃষ্টিত চাবুৱা অঞ্চলৰ শতাধিক পৰিয়ালৰ ঘৰৰ টিনপাত ফুটি বহু অনিষ্ট হৈছে বুলি জানিব পৰা গৈছে । বিশেষকৈ চাবুৱাৰ দিনজয়, বালিজান, পানীএৰা, বংগডুং, মুদৈ, থানাই চাহ বাগিচা, ফুকন খাত, চেংধৰা, চামনি আদি গাঁৱৰ শতাধিক পৰিয়ালৰ ঘৰ-বাৰী তচনচ কৰা খবৰ পোৱা গৈছে ।

ধুমুহাত বহু ঘৰ, ৰাজহুৱা প্ৰতিষ্ঠান বিধ্বস্ত হোৱাৰ লগতে ধুমুহাৰ ফলত বিচ্ছিন্ন হয় বিদ্যুৎ সংযোগ । চাবুৱাত এক প্ৰকাৰে এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক : মৰঙিৰ ফুলনি গাঁৱৰ ঘাইপথত বন্যহস্তীৰ মুক্ত বিচৰণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.