মাজুলীৰ বোদ্ধেশ্বৰৰ শিৰত উজলিল মিষ্টাৰ কটেম বডী বিল্ডিঙৰ খিতাপ - MAJULI YOUTH FELICITATED

🎬 Watch Now: Feature Video

thumbnail
মিষ্টাৰ কটেম বডী বিল্ডিং প্ৰতিযোগিতা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : January 18, 2025 at 1:26 PM IST

1 Min Read
Choose ETV Bharat

মাজুলী: মাজুলীৰ লাচন চাপৰিৰ এজন যুৱক উজলিল কেৰালাত । পিতৃহাৰা যুৱকজনে এদিন কামৰ সন্ধানত ওলাই গৈছিল কেৰালালৈ । সৰুতেই পিতৃৰ মৃত্যু হোৱাত যুৱকজনৰ পৰিয়ালে কষ্টৰে দিন অতিবাহিত কৰিবলগীয়া হোৱা বাবে এদিন ঘৰ এৰি গুচি গৈছিল কামৰ সন্ধানত ।

মাতৃক ঘৰতে অকলে এৰি যোৱা যুৱকজন আছিল বোদ্ধেশ্বৰ গাম । কেৰালাত এখন মাছৰ দোকানত কাম কৰিছিল এই বোদ্ধেশ্বৰে । কিন্তু মনত আছিল অলেখ সপোন । মাছৰ দোকানত কাম কৰি থকাৰ মাজতে বোদ্ধেশ্বৰে প্ৰায়ে অনুশীলন কৰিবলৈ গৈছিল জীমলৈ । এনেকৈয়ে যুৱকজনৰ দেহশ্ৰীৰ প্ৰতি ধাউতি বাঢ়ি গৈছিল। কেৰালাৰ কটেম জিলাত অনুষ্ঠিত হোৱা ২০২৩ আৰু ২০২৪ ৰ ‘‘মিষ্টাৰ কটেম বডী বিল্ডিং প্ৰতিযোগিতা’’ত অংশগ্ৰহণ কৰি মিষ্টাৰ কটেম খিতাপ লাভ কৰিবলৈ সক্ষম হয় বোদ্ধেশ্বৰ ।  

শুকুৰবাৰে ৪ বছৰ পিচত বোদ্ধেশ্বৰ ঘৰলৈ অহাত গাঁওবাসীয়ে ঢোলে দগৰে আদৰি আনে । লাচন চাপৰি গাঁৱৰ পুৰুষ-মহিলা সকলোৱে মিলি গোমৰাগ নৃত্যৰে আদৰণি জনায় বোদ্ধেশ্বৰক ।

লগতে পঢ়ক : তেলেংগানাৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত সোণৰ পদক লাভ শালনিবাৰী SSBৰ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details