মাজুলীত ৩১ খন বিদ্যালয়ৰ শ্মশান যাত্ৰা, সৰৱ ছাত্ৰ সন্থা - 161 schools to be closed in Assam - SIKHSA KHETRA SCHEME

🎬 Watch Now: Feature Video

thumbnail
মাজুলীত ৩১ খন বিদ্যালয়ৰ শ্মশান যাত্ৰা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : August 20, 2024 at 10:01 PM IST

2 Min Read
Choose ETV Bharat

মাজুলী,২০ আগষ্ট: ৰাজ্যত পুনৰ শতাধিক চৰকাৰী বিদ্যালয় বন্ধৰ কৰিবৰ বাবে চৰকাৰে ইতিমধ্যে কামকাজ আৰম্ভ কৰিছে । মাজুলীৰ বিভিন্ন প্ৰান্তৰ ৩১ খন বিদ্যালয় বন্ধৰ বাবে ইতিমধ্যে তালিকা প্ৰকাশ পাইছে । মাজুলীৰ ৩১ খন চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ তালিকা প্ৰকাশ পোৱাৰ লগে লগেই জাঙুৰ খাই উঠিছে মাজুলী জিলা ছাত্ৰ সন্থা ।

এই সন্দৰ্ভত মাজুলী জিলা ছাত্ৰ সন্থাৰ এগৰাকী ৰাজ্যিক কাৰ্যনিবাহক সদস্যই কয়,"বিদ্যালয় একত্ৰীকৰণ বা বিলুপ্তিকৰণ প্ৰক্ৰিয়াক পূৰ্বৰে পৰা সদৌ অসম ছাত্ৰ সন্থাই বিৰোধিতা কৰি আহিছে । চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰি দিয়াৰ লগে লগে, ইয়াৰ পৰা প্ৰথম অসুবিধা হয় দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ-ছাত্ৰীসকলৰ । ইয়াৰ পৰা লাভান্বিত হ'ব ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহ । বিদ্যালয়সমূহ বন্ধ কৰি দুখীয়া ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যতটো অন্ধকাৰৰ দিশলৈ ঠেলি পঠিয়াইছে । সমগ্ৰ বিষয়টো পৰ্যালোচনা কৰিলে দেখা যায় যে চৰকাৰী বিদ্যালয়ৰ আন্তঃগাথনিৰ অভাৱ, এজনীয়া শিক্ষকৰে পাঠদান আদি সমস্যাবোৰৰ বাবে চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ অভাৱ দেখা গৈছে ।"

লগতে তেওঁ কয়,"মাজুলীৰ ৩১ খন বিদ্যালয়ৰ শ্মশান যাত্ৰা আৰম্ভ কৰিছে । এই বিষয়টো মাজুলী জিলা ছাত্ৰ সন্থাই কেতিয়াও মানি নলয় । আমি ইয়াৰ সম্পূৰ্ণ বিৰোধিতা কৰিছো । ৩১ খন বিদ্যালয় কেতিয়াও বন্ধ হ'ব নোৱাৰে । এইসমূহ বিদ্যালয়লৈ কেনেকৈ ছাত্ৰ-ছাত্ৰী আহে সেই বিষয়টোতহে গুৰুত্ব দিব লাগে । আমি অসমৰ মুখ্যমন্ত্ৰীগৰাকীক স্পষ্টভাৱে আহ্বান জনাইছো যে বিদ্যালয়সমূহৰ শ্মশান যাত্ৰা নকৰি কেনেকৈ বিদ্যালয়সমূহক পুনৰুজ্জীৱিত কৰিব পাৰি সেই বিষয়তহে গুৰুত্ব আৰোপ কৰক ।"

লগতে পঢ়ক: চৰকাৰী বিদ্যালয়ত মৃত্যুঘন্টা: শিক্ষা-ক্ষেত্ৰ আঁচনিৰ অধীনত বিলুপ্ত হ’ব ৰাজ্যৰ ১৬১ খন শিক্ষানুষ্ঠান - 161 schools to be closed in Assam

চৰকাৰী শিক্ষা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপ : অতি শোচনীয় গৃহত চলি আছে ৰাজ্যৰ ৭ শতাধিক বিদ্যালয় - Education Department of Assam

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details