ৰাজহুৱা খণ্ডৰ চিকিৎসা ব্যৱস্থাক ব্যক্তিগত খণ্ডক গতোৱাৰ কৌশল লৈছে চৰকাৰে: লুৰীণজ্যোতি গগৈ - Charaideo Maidam - CHARAIDEO MAIDAM
🎬 Watch Now: Feature Video

Published : August 2, 2024 at 8:28 PM IST
চৰাইদেউ,২ আগষ্ট: আহোম ৰাজ শাসনৰ সোণালী ইতিহাসৰ স্বাক্ষৰ বহন কৰা ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে আন এক পৰিচয় লাভ কৰিলে । বিশ্বৰ মানচিত্ৰত স্থান পোৱাৰ পাচতে এতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰ পৰিদৰ্শনৰ বাবে পৰ্যটকেৰে ভৰি পৰিছে ঐতিহাসিক চৰাইদেউ মৈদাম । শুকুৰবাৰে ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত উপস্থিত হয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ । বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি পোৱাৰ পাচতে মৈদাম ক্ষেত্ৰত উপস্থিত হৈ বন্তি প্ৰজ্জ্বলন কৰি উপৰিপুৰুষক সোঁৱৰণ লুৰীণজ্যোতি গগৈৰ ।
চৰকাৰক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে মৈদাম ক্ষেত্ৰক সর্বাংগ সুন্দৰৰূপে গঢ়ি তুলিবলৈ আহ্বান জনাই অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে । ইফালে আজিৰে পৰা ৰাজ্যৰ চিকিৎসা খণ্ডৰ প্ৰাণকেন্দ্ৰস্বৰূপ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা সেৱাৰ পৰা আৰম্ভ কৰি আন পৰীক্ষাসমূহৰ মাচুল বৃদ্ধি কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লুৰীণজ্যোতি গগৈয়ে কয়, "চৰকাৰে স্বাস্থ্য খণ্ডৰ মাচুল বৃদ্ধিৰে সাধাৰণ ৰাইজৰ ওপৰত অন্যায় কৰিছে । মাচুল বৃদ্ধিয়ে সাধাৰণ ৰাইজে পাব লগা চৰকাৰী চিকিৎসা সেৱাৰ পৰা বঞ্চিত কৰিব । ৰাজহুৱা খণ্ডৰ চিকিৎসা ব্যৱস্থাক ব্যক্তিগত খণ্ডৰ হাতত অৰ্পণ কৰা কৌশল লৈছে চৰকাৰে ।"