অন্যায়-প্ৰলোভনৰ ৰাজনীতিৰ বিৰুদ্ধে ৰাইজক মাৰ বান্ধি থিয় হ’বলৈ আহ্বান লুৰীণজ্যোতিৰ - Lok sabha Elections 2024 - LOK SABHA ELECTIONS 2024

🎬 Watch Now: Feature Video

thumbnail
অন্যায়-প্ৰলোভনৰ ৰাজনীতিৰ বিৰুদ্ধে ৰাইজক মাৰ বান্ধি থিয় হ’বলৈ আহ্বান লুৰীণজ্যোতিৰ (undefined)

By ETV Bharat Assamese Team

Published : March 30, 2024 at 8:33 AM IST

1 Min Read
Choose ETV Bharat

মৰাণ, 30 মাৰ্চ : বিজেপি চৰকাৰৰ অন্যায়, প্ৰলোভনৰ ৰাজনীতিৰ বিৰুদ্ধে ৰাইজক মাৰ বান্ধি থিয় হ'বলৈ আহ্বান জনায় ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে ৷ দলীয় কৰ্মী-সমৰ্থকৰ সৈতে বিহু নাচি ব্যাপক প্ৰচাৰ অভিযান চলাইছে ডিব্ৰুগড় সমষ্টিৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে ৷

শুকুৰবাৰৰ নিশা ভাগলৈকে ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত মৰাণ আৰু টিংখাঙৰ কেইবাটাও স্থানত উপস্থিত থাকি নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে গগৈয়ে ৷ নৱগঠিত খোৱাং সমষ্টিৰ কোটোহা নগাঁৱৰ পৰা আৰম্ভ কৰি টিংখাং সমষ্টিৰ লেঙেৰীৰ ঘুটুংচিগা তিনিআলি, লেঙেৰীৰ ন-চাউদাং গাঁও, তিনঠেঙীয়াৰ জৰিগুৰী আদিত কেইবাখনো প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে লুৰীণজ্যোতি গগৈয়ে ৷

বিয়লি জৰিগুৰী ৰূপজ্যোতি সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশ লৈ লুৰীণজ্যোতি গগৈয়ে শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ অন্যায়-অনীতি, প্ৰলোভনৰ ৰাজনীতিৰ বিৰুদ্ধে ৰাইজক মাৰবান্ধি থিয় হ'বলৈ আহ্বান জনায় ৷ সভাৰ পিচতে কেইবাশ দলীয় কৰ্মী-সমৰ্থকৰ উপস্থিতিত লুৰীণজ্যোতি গগৈয়ে নৃত্য কৰা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক : ষ্টাৰ কেম্পেইনাৰ হিচাপে ৰাজ্যৰ বাহিৰে-ভিতৰে ব্যাপক প্ৰচাৰ কাৰ্যসূচী মুখ্যমন্ত্রীৰ - Lok Sabha Election 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details