পিয়লি ফুকন ষ্টেডিয়ামত আৰম্ভ বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা - BORDOLOI TROPHY 2025
🎬 Watch Now: Feature Video

Published : January 30, 2025 at 12:08 PM IST
শিৱসাগৰ: জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত বুধবাৰৰে পৰা শিৱসাগৰৰ পিয়লি ফুকন ষ্টেডিয়ামত 70 তম লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছে । এই প্ৰতিযোগিতাখন পোনপ্ৰথমবাৰৰ বাবে জিলা ভিত্তিত অনুষ্ঠিত কৰা হৈছে ।
এই প্ৰতিযোগিতা অসমৰ প্ৰতিখন জিলাতে একেলগে অনুষ্ঠিত হোৱাৰ সমান্তৰালভাৱে শিৱসাগৰতো সন্থাৰ আঠটা দলৰ মাজত লীগ ভিত্তিত অনুষ্ঠিত হৈছে । নিয়ম অনুসৰি, জিলাখনৰ চেম্পিয়ন দলটো নিৰ্বাচিত হ’ব উজনি অসম মণ্ডল পৰ্যায়লৈ ।
প্ৰতিযোগিতাখনত জিলাখনৰ শিৱসাগৰ শিশু ফুটবল কোচিং, টেঙাপুখুৰী অমৰজ্যেতি সংঘ, গোঁসাইবাৰী এফ চি, ৰাজমাই এফ চি, পানীবিল আঞ্চলিক ক্ৰীড়া সন্থা, গড়গাওঁ ফুটবল কোচিং, মহাবাহু এফ চি আৰু টিফুক এফ চি দলে অংশগ্ৰহণ কৰে ।
বুধবাৰে শিৱসাগৰ শিশু ফুটবল কোচিং আৰু টেঙাপুখুৰী অমৰজ্যেতি সংঘৰ মাজত উদ্বোধনী মেচৰে প্ৰতিযোগিতাখন অনুষ্ঠিত হয় । পৰৱৰ্তী পৰ্যায়ত প্ৰতিদিনে পুৱা 10 বজাত আৰু দিনৰ 2 বজাৰ পৰা নিতৌ দুখনকৈ খেল অনুষ্ঠিত হ’ব । 7 ফেব্ৰুৱাৰীত বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ ফাইনেল মেচখন অনুষ্ঠিত হ’ব । এই প্ৰতিযোগিতাত সমগ্ৰ ৰাজ্যৰ 280 টা ফুটবল ক্লাবৰ মাজত 525 খন খেল অনুষ্ঠিত হ’ব ।