আই নৈত উটি আহিল ডেৰমহীয়া হাতী পোৱালী - Assam flood 2024 - ASSAM FLOOD 2024
🎬 Watch Now: Feature Video

Published : July 1, 2024 at 10:39 AM IST
চিৰাং, ১ জুলাই : চিৰাঙৰ বেংতলৰ টুক্ৰাঝাৰৰ আই নৈৰ বাঢ়নী পানীত উটি গ’ল এটি ডেৰমহীয়া হাতী পোৱালী ৷ চিৰাং জিলা বন বিভাগে হাতী পোৱালীটো উদ্ধাৰ কৰি ৰুণীখাতা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়লৈ নিয়ে ৷ বন বিভাগে পোৱালীটোৰ চিকিৎসাৰ ব্যৱস্থা কৰিছে । মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বনৰীয়া হাতী পোৱালীটো আই নৈ পাৰ হওতে জাকৰ পৰা বাঢ়নী পানীত উটি যায় বুলি বন বিভাগে জানিব দিয়ে।
উল্লেখ্য যে, বিগত কেইবাদিনৰ পৰা হোৱা বৰষুণৰ ফলত ভূটানৰ পৰা নামি অহা পানীয়ে চিৰাং জিলাৰ কেইখনো নৈত সোঁত তীব্ৰতৰ কৰি তুলিছে । জিলাখনৰ আই, নাঙলভাঙা, চম্পা নৈকে আদি কৰি কেইবাখনো নৈ, উপ-নৈ ফেনেফোটোকাৰে ওফন্দি উঠিছে । দেওবাৰে পুৱাৰে পৰা বাঢ়নী পানীয়ে প্লাৱিত কৰে নাঙলভাঙা, মাদাৰপুৰ, মাজৰাবাৰী, ছোটো আমগুৰিকে আদি কৰি কেইবাখনো গাঁও প্লাৱিত হৈছে ।