কোনে অনিষ্ট সাধিলে কচুতলীৰ কালী পূজাত ? - কচুতলীৰ উচ্ছেদ

🎬 Watch Now: Feature Video

thumbnail
কোনে অনিষ্ট সাধিলে কচুতলীৰ কালী পূজাত ? (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : October 30, 2024 at 7:23 PM IST

1 Min Read
Choose ETV Bharat

হায়দৰাবাদ: বিতৰ্কই আৱৰি ধৰা উচ্ছেদ কাৰ্যৰ পিছতেই গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰৰ কচুতলীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় লক্ষ্মী পূজা । বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ উদ্যোগত স্থানীয় দল-সংগঠন আৰু ৰাইজৰ সহযোগত সুকলমে সম্পন্ন হৈছিল লক্ষ্মী পূজাভাগ । ইয়াৰ পিছতেই আয়োজন চলিছিল কালী পূজা উদযাপনৰ । উলহ-মালহেৰে কালী পূজা উদযাপনৰ বাবে প্ৰস্তুতি চলাইছিল স্থানীয় হিন্দু ধৰ্মাৱলম্বী লোকসকলে ।  

কিন্তু কালী পূজালৈ মাজত মাত্ৰ এটা দিন থকা অৱস্থাত ঘটিল এক অঘটন । কালী পূজাৰ তোৰণ, মণ্ডপ আদিত দুস্কৃতিকাৰীয়ে চলালে তাণ্ডৱ । যাৰ বিৰুদ্ধে উদ্যোক্তাসকলে দাখিল কৰিছে এখন এজাহাৰ । এজাহাৰত উত্থাপন কৰা অভিযোগ অনুসৰি ৰাষ্ট্ৰীয় পথ আৰু কচুতলী সংযোগী পথত বিশ্ব হিন্দু পৰিষদৰ তৰফৰ পৰা স্থাপন কৰা তোৰণ তথা ধৰ্মধ্বজাসমূহ দুস্কৃতিকাৰীয়ে দলিয়াই পেলায় । কোনো দুষ্ট চক্ৰই ধৰ্মীয় বিষবাস্প বিয়পোৱাৰ বাবে এনে কাৰ্য সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰে উদ্যোক্তাসকলে । 

লগতে পঢ়ক: প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিবলৈ লোৱা লক্ষ্মী পূজাক লৈ উখল-মাখল কচুতলী

কচুতলীত উৰিব ধৰ্মধ্বজা, মাহেকে-পষেকে অনুষ্ঠিত হ'ব বিভিন্ন পূজা - Sonapur eviction drive

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details