চুমী-তাৰ্কিকে কাৰ গাড়ীৰে পলায়ন কৰিছিল ? - Sumi Tarkik - SUMI TARKIK
🎬 Watch Now: Feature Video

Published : September 13, 2024 at 10:06 PM IST
মৰাণ, ১৩ ছেপ্টেম্বৰ: অনলাইন ট্ৰেডিঙৰ কেলেংকাৰীয়ে জোকাৰি গৈছে ৰাজ্য । যোৱা ২ ছেপ্টেম্বৰত ডিব্ৰুগড়ৰ প্ৰৱাঞ্জলী এপাৰ্টমেণ্টৰ নিবাসী বিশাল ফুকনক ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰা পাছতে ১০ দিনে পলাই থাকি বৃহস্পতিবাৰে এছ টি এফৰ ওচৰত আত্মসমৰ্পণ কৰিলে বিশালৰ মূল সহযোগী বুলি অভিযুক্ত চুমী বৰা আৰু তাৰ্কিক বৰাই । বৃহস্পতিবাৰে ডিব্ৰুগড় সত্ৰ ন্যায়াধীশ আদালতে ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে দুয়োকে । চুমী-তাৰ্কিকক ডিব্ৰুগড় আৰক্ষীয়ে মাৰাথন জেৰা চলাই থকাৰ মাজতে পোহৰলৈ আহিছে বহু তথ্য ।
চুমী-তাৰ্কিকে ১০ দিনে আত্মগোপন কৰাত সহায় কৰিছিল এগৰাকী অধিবক্তাই । কোন অধিবক্তাই চুমী তাৰ্কিকক সহায় কৰিছিল সেই কথা আৰক্ষীয়ে সদৰী কৰা নাই যদিও এজন অধিবক্তাৰ এখন বাহনো জব্দ কৰিছে আৰক্ষীয়ে ।
শুক্ৰবাৰে চুমী বৰা আৰু তাৰ্কিক বৰাই ব্যৱহাৰ কৰা নম্বৰপ্লেটবিহীন এখন অধিবক্তাৰ বাহন ডিব্ৰুগড় আৰক্ষীয়ে জব্দ কৰিছে । মৰাণ থানাৰ আৰক্ষীয়ে যোৰহাটৰ পৰা জব্দ কৰিছে এই বাহনখন । বাহনখনৰ ভিতৰত তেলৰ গেলন, চিপছৰ পেকেট, গিলাচ, বেগ আদিকে ধৰি যাৱতীয় সামগ্ৰী উদ্ধাৰ কৰিছে । ইতিমধ্যে বৃহস্পতিবাৰে বিয়লি ডিব্ৰুগড় সদৰ থানালৈ অনা হৈছে বাহনখন । নম্বৰপ্লেট খুলি চুমী আৰু তাৰ্কিকে পলায়ন কৰাৰ সময়ত এই বাহনখন ব্যৱহাৰ কৰিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । বাহনখনত লগোৱা আছে অধিবক্তাৰ ষ্টীকাৰ ।
অধিবক্তাৰ চিহ্ন সম্বলিত এখন বাহন এনেদৰে উদ্বাৰ হোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । পৰৱৰ্তী সময়ত বাহনৰ গৰাকী তদন্তৰ আওতালৈ আহিব বুলি জানিবলৈ দিছে আৰক্ষীয়ে । আনহাতে, বিশাল ফুকনৰ সৈতে ঔষধ কোম্পানী আৰম্ভ কৰা চুমী বৰাৰ ভাতৃ ৰাজীৱ বৰা আৰু তেওঁৰ পত্নী জিংকি মিলি আজিও পলাতক ।