গোলাঘাটত জব্দ লক্ষাধিক টকাৰ ড্ৰাগছ; পলাতক অভিযুক্ত - Drugs seized in golaghat - DRUGS SEIZED IN GOLAGHAT
🎬 Watch Now: Feature Video


Published : April 10, 2024 at 2:23 PM IST
গোলাঘাট, 10 এপ্ৰিল: মঙলবাৰৰ নিশা গোলাঘাটত জব্দ প্ৰায় 3.50 লাখ টকাৰ ড্ৰাগছ ৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে, গোপন সূত্ৰৰ পম খেদি কালি নিশা গোলাঘাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমণি ডেকাৰ নেতৃত্বত এটা আৰক্ষীৰ দলে গোলাঘাৰ মুক্তিধাম ধনশিৰি ক’লনীৰ বাবু দাস নামৰ এজন লোকৰ বাসগৃহত অভিযান চলায় আৰু অভিযান কালত চাবোনৰ বাকচত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ড্ৰাগছখিনি । জব্দকৃত ড্ৰাগছখিনিৰ ওজন 17 গ্ৰাম আৰু ইয়াৰ বজাৰৰ মূল্য প্ৰায় 3.50 লাখ টকা হ'ব বুলি আৰক্ষীয়ে জনায় ।
আৰক্ষীৰ দল উপস্থিত হোৱাৰ উমান পাইয়েই ড্ৰাগছ সৰহবৰাকাৰী বাবু দাস ঘৰৰ পৰা পলায়ন কৰে । বৰ্তমান আৰক্ষীয়ে ড্ৰাগছবোৰ জব্দ কৰি ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে । উল্লেখ কৰা প্ৰয়োজন যে ইয়াৰ পূৰ্বেও তিনিবাৰকৈ ড্ৰাগছ সৰহবৰাহৰ অভিযোগত জেললৈ গৈছিল পলাতক বাবু দাস ।
লগতে পঢ়ক: কাছাৰত দুই মহিলাসহ তিনিটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ - Drug Paddlers Arrested