মেঘালয়ত ভয়ংকৰ ভূমিস্খলন; ব্যাহত বৰাক-গুৱাহাটীৰ যাতায়াত ব্যৱস্থা - LANDSLIDE AT NH 6
🎬 Watch Now: Feature Video


Published : May 20, 2025 at 3:16 PM IST
শিলচৰ : বৰাক-গুৱাহাটী সংযোগী ৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেঘালয়ৰ কোলিয়াঙত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা । ভূমিস্খলনৰ ফলত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে পথছোৱাৰে যাতায়াত । নেৰানেপেৰা বৰষুণৰ ফলত পুৱাৰ ভাগত বৰাক-গুৱাহাটী সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ মেঘালয়ৰ কোলিয়াঙত হঠাতে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হয় ।
পাহাৰৰ পৰা ভূমিৰ বৃহৎ অংশ আৰু শিল পথছোৱাৰ ওপৰতে খহি পৰে । লগতে পাহাৰৰ পানী বৈ গৈছে পথছোৱাৰ মাজেদি । ফলত বন্ধ হৈ পৰিছে পথছোৱাৰে যাতায়াত । ইফালে এই ভয়ংকৰ ঘটনাৰ পাছতে পথছোৱাৰে যাতায়াত কৰিবলৈ নিষেধাজ্ঞা জাৰি কৰিছে মেঘালয় প্ৰশাসনে ।
ইপিনে পথছোৱা বন্ধ হৈ যোৱাৰ ফলত পথত আবদ্ধ হৈ পৰিছে এম্বুলেন্সসহ শ শ যান-বাহন ৷ ফলত যাত্ৰী-চালকসকলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।