বাইহাটাত ভূমি পট্টা বিতৰণ মন্ত্ৰী কেশৱ মহন্তৰ

🎬 Watch Now: Feature Video

thumbnail
বাইহাটাত ভূমি পট্টা বিতৰণ কৰে মন্ত্ৰী কেশৱ মহন্তই (undefined)

By ETV Bharat Assamese Team

Published : February 27, 2024 at 10:40 PM IST

2 Min Read
Choose ETV Bharat

বাইহাটা, ২৭ ফেব্ৰুৱাৰী : মঙলবাৰে কামৰূপ জিলা প্ৰশাসনে কমলপুৰৰ বাইহাটাস্থিত শিৱ মন্দিৰ প্ৰাংগনত অনুষ্ঠিত কৰে ভূমি পট্টা বিতৰণী অনুষ্ঠান । এই অনুষ্ঠানত খিলঞ্জীয়া ভূমিহীন পৰিয়ালৰ মাজত ভূমি পট্টা বিতৰণ কৰে অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী কেশৱ মহন্তই ৷ অতিশীঘ্ৰে মিছন বসুন্ধৰা ১.O আৰু ২.O ত বঞ্চিত খিলঞ্জীয়া ভূমিহীন পৰিয়ালে ৩.O ত ভূমি পট্টা পোৱাটো চৰকাৰে নিশ্চিত কৰিব । ভূমি পট্টা বিতৰণ কৰি এই ঘোষণা কৰে মন্ত্ৰী কেশৱ মহন্তই ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ একমাত্ৰ দূৰদৰ্শিতাৰ বাবে স্বাধীনতাৰ ৭৫ বছৰৰ পিচত খিলঞ্জীয়া ভূমিহীন পৰিয়ালে মাটিৰ অধিকাৰ পাবলৈ সক্ষম হৈছে । মুখ্যমন্ত্ৰীগৰাকীৰ এইটো এক যুগন্তকাৰী সিদ্ধান্ত । ভূমি পট্টা বিতৰণ কৰি নিজৰ ভাষণত মন্ত্ৰী কেশৱ মহন্তই এই মন্তব্য কৰে ।

উল্লেখ্য যে, মঙলবাৰে নৱগঠিত ৩২ নং কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কমলপুৰ-ৰঙিয়া-হাজো ৰাজহ চক্ৰৰ ৫৯১ গৰাকী খিলঞ্জীয়া ভূমিহীন পৰিয়ালৰ মাজত ভূমি পট্টা বিতৰণ কৰা হয় । এই অনুষ্ঠানত সাংসদ দিলীপ শইকীয়া, বিধায়ক দিগন্ত কলিতা, প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা, কামৰূপ জিলাৰ ভাৰপ্ৰাপ্ত জিলা আয়ুক্ত নৰসিং বে', অতিৰিক্ত আয়ুক্ত কমল বৰুৱা আৰু কমলপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মনিকা বৰগোঁহাইৰ লগতে ৰঙিয়া আৰু হাজোৰ চক্ৰ বিষয়া দুগৰাকী উপস্থিত থাকে ।

যুগ-যুগ ধৰি ভূমি পট্টা বিচাৰি হাবাথুৰি খাই অহা পৰিয়ালসমূহে আজি ভূমিৰ পট্টা লাভ কৰি আনন্দিত হৈ পৰে ৷

লগতে পঢ়ক : গহপুৰত ভূমি পট্টা বিতৰণ মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ