মাজুলীৰ দহ হাজাৰৰো অধিক লোকে পাব ভূমিৰ পট্টা - মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : February 26, 2024 at 10:15 PM IST

1 Min Read

মাজুলী, 26 ফেব্ৰুৱাৰী : এক ঐতিহাসিক ক্ষণৰ সাজু হ’বলৈ গৈ আছে মাজুলীৰ দুই লক্ষাধিক জনসাধাৰণ ৷ কিয়নো মঙলবাৰে অসম চৰকাৰে অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া সকলক ভূমি পট্টা প্ৰদান কৰিব মাজুলীত ৷ ভূমি পট্টা প্ৰদানৰ বাবে "মোৰ মাটি, মোৰ অধিকাৰ" শীৰ্ষক শ্ল’গানেৰে আৰম্ভ কৰা মিছন বুসন্ধৰা ২.০ অধীনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে কাইলৈ মাজুলীৰ দহ হাজাৰৰ অধিক পৰিয়ালক ভূমিৰ পট্টা প্ৰদান কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ।

মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত অংশগ্ৰহণ কৰি অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এইসকল লোকক ভূমিৰ পট্টা প্ৰদান কৰিব । এই অনুষ্ঠানটোৰ বাবে মাজুলী জিলা প্ৰশাসন ইতিমধ্যে সাজু হৈছে । আনহাতে এই অনুষ্ঠানক লৈ মাজুলীৰ সাধাৰণ ৰাইজৰ লগতে মাজুলী জিলা বিজেপিৰ কৰ্মীসকলৰ মাজতো ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে ।

লগতে পঢ়ক : চিলাপথাৰত ১৩ হাজাৰ পৰিয়ালক ভূমি পট্টা বিতৰণ মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.