ডিগবৈত ৪,৫৮৩ গৰাকীক ভূমি পট্টা প্ৰদান - টিংৰাই ৰাজহুৱা খেলপথাৰ ষ্টেডিয়াম

🎬 Watch Now: Feature Video

thumbnail
সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বড়া (undefined)

By ETV Bharat Assamese Team

Published : February 28, 2024 at 9:10 PM IST

1 Min Read
Choose ETV Bharat

তিনিচুকীয়া, ২৮ ফেব্ৰুৱাৰী: তিনিচুকীয়া জিলাৰ ডিগবৈত উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান, সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বড়াই টিংৰাই ৰাজহুৱা খেলপথাৰ ষ্টেডিয়াম উদ্বোধন কৰাৰ লগতে মিছন বসুন্ধৰা ২.০ ৰ অধীনত ভূমি পট্টা প্ৰদান কৰে । ডিগবৈত মন্ত্ৰী বিমল বড়াই  ১০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা টিংৰাই ৰাজহুৱা খেলপথাৰ ষ্টেডিয়াম উদ্বোধন কৰাৰ পিচতেই মিছন বসুন্ধৰা ২.০ ৰ অধীনত ৪,৫৮৩ গৰাকীক ভূমি পট্টা প্ৰদান কৰে ।

এই অনুষ্ঠানটোত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকন, তিনিচুকীয়া সমষ্টিৰ বিধায়ক তথা শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ, শদিয়া সমষ্টিৰ বিধায়ক বলীন চেতিয়াৰ লগতে তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নীল পালৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি । ইপিনে,যুগ-যুগ ধৰি ভূমি পট্টা বিচাৰি হাবাথুৰি খাই অহা পৰিয়ালসমূহে আজি ভূমিৰ পট্টা লাভ কৰি আনন্দিত হৈ পৰে ৷

লগতে পঢ়ক:বাইহাটাত ভূমি পট্টা বিতৰণ মন্ত্ৰী কেশৱ মহন্তৰ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details