তিনিচুকীয়াত ভূমি পট্টা বিতৰণ শ্ৰম মন্ত্ৰীৰ - Minister Sanjay Kishan

🎬 Watch Now: Feature Video

thumbnail
মিছন বসুন্ধৰা ২.০ (undefined)

By ETV Bharat Assamese Team

Published : February 27, 2024 at 4:40 PM IST

1 Min Read
Choose ETV Bharat

তিনিচুকীয়া, ২৭ ফেব্ৰুৱাৰী: ৰাজ্যত আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাৰ পট্টা প্ৰদান প্ৰক্ৰিয়া ৷ ইয়াৰ যোগেদি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ খিলঞ্জীয়া লোকক মাটিৰ পট্টা প্ৰদান কৰিছে চৰকাৰে ৷ আজি মিছন বসুন্ধৰা ২.০ ৰ অধীনত তিনিচুকীয়া বিধানসভা সমষ্টিৰ হিতাধিকাৰীসকলক ভূমি পট্টা প্ৰদান কৰা হয় । তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক কেন্দ্ৰত এই ভূমি পট্টা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ জিলাখনৰ ৩৫ হাজাৰ গৰাকীক ভূমি পট্টা প্ৰদান কৰাৰ বিপৰীতে আজি তিনিচুকীয়া বিধানসভা সমষ্টিৰ ৭০০ গৰাকীক মাটিৰ পট্টা প্ৰদান কৰে ৷  

উক্ত অনুষ্ঠানটোত শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ লগতে জিলা আয়ুক্ত স্বপ্নীল পাল, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ কাজল গোঁহাই, তিনিচুকীয়া পৌৰসভাৰ অধ্যক্ষ পবিত্ৰ গগৈ, পৌৰসভাৰ কাৰ্যবাহী বিষয়া মঞ্জিত দলেৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক:ধলাত খিলঞ্জীয়াক ভূমি পট্টা বিতৰণ মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details