কচুতলীৰ পৰিত্যক্ত মন্দিৰে প্ৰাণ পালে; কটকটীয়া নিৰাপত্তাৰ মাজেৰে আয়োজন লক্ষ্মী পূজাৰ - LAKSHMI PUJA

🎬 Watch Now: Feature Video

thumbnail
কচুতলীৰ পৰিত্যক্ত মন্দিৰে প্ৰাণ পালে (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : October 17, 2024 at 7:58 AM IST

1 Min Read
Choose ETV Bharat

নিউজ ডেস্ক, ১৭ অক্টোবৰ : সুদীৰ্ঘ সময় বেদখলকাৰীৰ কৱলত থকাৰ পাচত বুধবাৰে নিশা মংগলধ্বনি, নাগাৰাৰ শব্দ, শংখধ্বনিৰে মুখৰিত হৈ পৰিল কচুতলী ৷ গুৱাহাটীৰ সোণাপুৰৰ কচুতলীত দীৰ্ঘসময়জুৰি বেদখলকাৰীয়ে দপদপাই থকাৰ বাবে পৰিত্যক্ত ৰূপ পাইছিল সেই ঠাইত থকা এটা পুৰণি শিৱ মন্দিৰে ৷

বেদখলকাৰীক উচ্ছেদৰ পাচত স্থানীয় ৰাইজে হাবি-জংঘলে ঘেৰি পেলোৱা এই পুৰণি মন্দিৰটো চিকুণাই নতুন ৰূপ দিয়ে আৰু সেই মন্দিৰতে অঞ্চলটোৰ হাজাৰ হাজাৰ হিন্দু লোকে বুধবাৰে নিশা প্ৰথমবাৰৰ বাবে এক মাংগলিক পৰিৱেশৰ মাজত অনুষ্ঠিত কৰে লক্ষ্মীপূজা ৷

জিলা প্ৰশাসনৰ ফালৰ পৰা ব্যৱস্থা কৰা কটকটীয়া নিৰাপত্তাৰ মাজেৰে কচুতলিৰ এই মন্দিৰত লক্ষ্মী পূজাৰ আয়োজন কৰা হয় ৷ চাৰিটাকৈ নামতিৰ দলে পৰিৱেশন কৰে নাম ৷ পূজাত স্থানীয় হাজাৰ হাজাৰ লোকৰ লগতে উপস্থিত থাকে বিশ্ব হিন্দু পৰিষদৰ উত্তৰ-পূব প্ৰান্তৰ প্ৰান্ত প্ৰচাৰ প্ৰমুখ সুনীল মাহান্তিৰ লগতে বজৰং দলৰ সাতজনকৈ বিষয়ববীয়াও ৷

লগতে পঢ়ক : খোল-তাল বজাই বেদীত প্ৰতিষ্ঠা মা লক্ষ্মীক; কেওঁটকুছিত ৭ দিনীয়া কাৰ্যসূচীৰে লক্ষ্মী পূজাৰ মহা আয়োজন

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details