টিংখাঙত ষষ্ঠ বার্ষিক ধাম খৱা সবাহৰ লাইখুঁটা স্থাপন - Sonowal language talking programme

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : February 26, 2024 at 9:01 PM IST

1 Min Read

মৰাণ, ২৬ ফেব্ৰুৱাৰীঃ ভূমিপুত্ৰ সোণোৱাল কছাৰী সকলৰ পৌৰাণিক কথিত ভাষাটো উদ্ধাৰ, প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে জনগোষ্ঠীটোৰ লোকসকলক একত্ৰিত কৰাৰ অৰ্থে গঠিত সোণোৱাল ভাষাত কথা-বতৰা প্রতিষ্ঠানৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ষষ্ঠ বার্ষিক ধাম খৱা সবাহৰ আয়োজন কৰা হৈছে । অহা ৯ মার্চৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা এই ষষ্ঠ বার্ষিক ধাম খৱা সবাহৰ আজি লাইখুঁটা স্থাপন কৰা হয় ।

সোণোৱাল ভাষাত কথা-বতৰা প্রতিষ্ঠানৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ঔফুলীয়া আঞ্চলিক সমিতিৰ সহযোগত ঔফুলীয়া কল্যাণ সংঘৰ প্ৰাঙ্গণত ষষ্ঠ বার্ষিক ধাম খৱা সবাহখনি অহা ৯ আৰু ১০ মার্চত অনুষ্ঠিত হ'ব । সোমবাৰে সোণোৱাল কছাৰী পৰম্পৰাগত ৰীতি-নীতিৰে অনুষ্ঠানটোৰ লাইখুঁটা স্থাপন কৰা হয় । উক্ত অনুষ্ঠানত সোণোৱাল ভাষাত কথা-বতৰা প্রতিষ্ঠানৰ কেন্দ্ৰীয় সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি ৰাজু সোণোৱাল দেউৰী, ধেমাজি নৰ্থবেংক কলেজৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড৹ লৱৰাম সোণোৱাল, মৰাণ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড৹ তুলসী সোণোৱাল, সোণোৱাল ভাষাত কথা-বতৰা প্রতিষ্ঠানৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে ।  

উল্লেখ্য যে ষষ্ঠ বার্ষিক ধাম খৱা সবাহখনিত সোণোৱাল কছাৰী জনগোষ্ঠীটোৰ লোকসংস্কৃতিৰ সাধক,সাহিত্যিক পেঞ্চনাৰ লীলাকান্ত হাজৰিকাক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰিব বুলি উদ্যোক্তাসকলে সদৰী কৰিছে ।

লগতে পঢ়ক:প্ৰজ্ঞাৰ উদ্যোগত ব্ৰহ্মপুত্ৰৰ বুকুত মঞ্চস্থ ঐতিহসিক নাট বীৰ চিলাৰায়

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.