ৰঙিয়াত যুৱ কংগ্ৰেছৰ উদ্যোগত মহিলা সবলীকৰণৰ বিশেষ অনুষ্ঠান - Kamrup District Youth Congress

🎬 Watch Now: Feature Video

thumbnail
মহিলা সবলীকৰণক লৈ ব্যতিক্ৰমী অনুষ্ঠান (undefined)

By ETV Bharat Assamese Team

Published : March 7, 2024 at 7:47 PM IST

1 Min Read
Choose ETV Bharat

ৰঙিয়া, 7 মাৰ্চ : আন্তৰ্জাতিক নাৰী দিৱসৰ প্ৰাকক্ষণত ৰঙিয়াৰ ৰাজীৱ ভৱনত বৃহস্পতিবাৰে কামৰূপ জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত মহিলা সবলীকৰণক লৈ এক ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত হয় ৷ অনুষ্ঠানটোত সমাজৰ বিভিন্ন স্তৰত কৰ্মৰত সফল তথা স্বাৱলম্বী 15 গৰাকী মহিলাক সম্বৰ্ধনা জনোৱা হয় ৷ কামৰূপ জিলা যুৱ কংগ্ৰেছৰ সভাপতি আছিফুৰ ৰহমানে আঁত ধৰা অনুষ্ঠানটোত কামৰূপ জিলা যুৱ কংগ্ৰেছৰ লগতে ৰঙিয়া ব্লক কংগ্ৰেছৰ বহু কেইগৰাকী সদস্য উপস্থিত থাকে ৷

অনুষ্ঠানটোৰ আৰম্ভণিতে স্থানীয় মহিলা সকলৰ মাজত মেহেন্দী প্ৰতিযোগিতাৰ আয়োজন কৰা হয় ৷ এই প্ৰতিযোগিতাত ৰঙিয়া অঞ্চলৰ প্ৰায় 40 গৰাকী মহিলাই অংশগ্ৰহণ কৰে ৷ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে গৰিমা জৈন, দ্বিতীয় স্থান চোমায়া আখতাৰ আৰু তৃতীয় স্থান লাভ কৰে ফিৰোজা বেগমে ৷ 'শক্তি চুপাৰ ছি' (Shakti supar she) এই শ্লোগান সৰোগত কৰি মহিলা সবলীকৰণৰ উদ্দেশ্যে ৰঙিয়াৰ ৰাজীৱ ভৱনত অনুস্থিত হোৱা এই অনুষ্ঠানত কৃষি, চিলাই, ব্যৱসায়, সংবাদ জগতকে আদি কৰি বিভিন্ন ক্ষেত্ৰৰ ৰঙিয়াৰ বহু কেইগৰাকী স্বাৱলম্বী আৰু আত্মনিৰ্ভৰশীল হোৱা বিশেষ কেইগৰাকীমান মহিলাক সম্বৰ্ধনা জনোৱা হয় ৷

লগতে পঢ়ক : দ্বাদশ শ্ৰেণীলৈ সম্প্ৰসাৰণ হ’ব মধ্যাহ্ন ভোজন, ইউনিফৰ্ম, পাঠ্যপুথি বিতৰণ কাৰ্যসূচী

ABOUT THE AUTHOR

...view details