শ্লুইছ গেট নিৰ্মাণত বিসংগতিৰ অভিযোগ : কলিয়াবৰ আছুৰ ক্ষোভ - Sluice Gate at Kolongmukh - SLUICE GATE AT KOLONGMUKH

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : July 1, 2024 at 4:46 PM IST

1 Min Read
Choose ETV Bharat

কলিয়াবৰ, 1 জুলাই : কলিয়াবৰৰ হাতীমূৰাত সংস্থাপিত শ্লুইছ গেটত ক্ৰমে বৃদ্ধি পাইছে জলস্তৰ ৷ আনুষ্ঠানিকভাৱে মুকলি হোৱাৰ পূৰ্বেই লুইতৰ বৰ্দ্ধিত জলৰাশি শ্লুইছ গেটৰ বিসংগতিৰ বাবে পাৰ হৈ ইতিমধ্যে কলঙৰ জলস্তৰ বৃদ্ধি কৰাত শংকিত হৈ পৰিছে কলিয়াবৰৰ কলংপৰীয়া ৰাইজ ৷ আজি কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰ এটা দলে শ্লুইছ গেটত উপস্থিত হৈ জলসম্পদ বিভাগৰ বিষয়াক এই সন্দৰ্ভত জবাবদিহি কৰে ৷

2017 চনৰ আগষ্ট মাহৰ বানৰ ভয়াৱহ দিনবোৰ পুনৰ উভতি অহাৰ যি শংকা কলিয়াবৰত সৃষ্টি হৈছে, সেই লৈ নিৰ্বিকাৰ জলসম্পদ বিভাগক ধিক্কাৰ দিয়ে ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলে ৷ 20 কোটি টকাৰ ব্যয়েৰে গুৱাহাটীৰ ঠিকাদাৰী প্ৰতিষ্ঠান জেড ইঞ্জিনিয়াৰিঙে নিৰ্মাণ কৰা আওপুৰণি পদ্ধতিৰ শ্লুইছ গেটখনৰ এনে বিসংগতিৰ বাবে প্ৰতিষ্ঠানটোক তীব্ৰ গৰিহণা দিয়ে ছাত্ৰ সন্থাৰ দলটোৱে ৷ বিভাগীয় পৰিকল্পনা সঠিক নোহোৱাৰ বাবেই মুকলি হোৱাৰ পূৰ্বেই এনেদৰে বিসংগতিপূৰ্ণ শ্লুইছ গেটেদি অনিয়ন্ত্ৰিতভাৱে লুইতৰ পানী বৈ থকাৰ সময়তো বিভাগৰ ফালৰ পৰা কলিয়াবৰীয়া ৰাইজক আস্বস্ত কৰিবলৈ কোনো ব্যৱস্থা নোলোৱাটো ঠিকাদাৰ বচোৱাৰ চেষ্টা বুলি ছাত্ৰ সন্থাৰ বিষয়ববীয়াই অভিযোগ কৰিছে ৷ 

লগতে পঢ়ক : নীপকোৰ পিচত এইবাৰ এনএইচপিচিয়েও এৰিলে সোৱণশিৰি প্ৰকল্পৰ পানী; শংকিত নৈপৰীয়া - NHPC releases excess water

ABOUT THE AUTHOR

...view details