লখিমপুৰ বগীনদীত উদ্ধাৰ লাইমেকুৰীৰ তিনি কিশোৰী - Missing girls rescued

🎬 Watch Now: Feature Video

thumbnail
লখিমপুৰ বগীনদীত উদ্ধাৰ লাইমেকুৰীৰ তিনি কিশোৰী (undefined)

By ETV Bharat Assamese Team

Published : February 24, 2024 at 5:03 PM IST

1 Min Read
Choose ETV Bharat

জোনাই, 24 ফেব্ৰুৱাৰী : লখিমপুৰৰ বগীনদীত চাঞ্চল্যকৰ ঘটনা । শনিবাৰে পুৱাই বেৰভঙা গাঁৱত উদ্ধাৰ হৈছে জোনাইৰ তিনিগৰাকী কিশোৰী । কামৰ সন্ধানত কিশোৰীকেইগৰাকী ঘৰৰ পৰা ওলাই আছিল বুলি জানিব পৰা গৈছে ৷ আটাইকেইগৰাকী কিশোৰীৰে বয়স 18 ৰ অনুৰ্ধৰ ৷

বেৰভঙা গাঁৱৰ ৰাইজৰ পৰা জানিব পৰা মতে, শনিবাৰে পুৱা প্ৰায় 6 বজাত এগৰাকী মহিলাই চোতাল সাৰি আছিল ৷ তেনেতে তেওঁ পদুলিমুখতে তিনিগৰাকী অচিনাকী কিশোৰী ৰৈ থকা প্ৰত্যক্ষ কৰে ৷ সেয়ে মহিলাগৰাকীয়ে তিনিওগৰাকী কিশোৰীক ঘৰলৈ মাতি আনি সোধ-পোছ কৰে ৷ কিন্তু কিশোৰীকেইগৰাকীৰ কথাৰ পৰা মহিলাগৰাকীৰ কিছু সন্দেহ ওপজাত তেওঁ গাঁৱৰ মানুহৰ খবৰ দিয়ে ৷

প্ৰথম অৱস্থাত কিশোৰীকেইগৰাকীয়ে মিছা মাতিছিল যদিও পিচত কিশোৰী কেইগৰাকীৰ ঘৰ ধেমাজি জিলাৰ জোনাইৰ লাইমেকুৰীৰ বুলি জানিব পৰা যায় । তাৰ পাচত ৰাইজে খবৰ দিয়ে বগীনদী আৰক্ষীক ৷ ঘটনাৰ খবৰ লাভ কৰিয়েই উক্ত স্থানত আৰক্ষী উপস্থিত হৈ তিনিগৰাকী কিশোৰীক থানালৈ লৈ যায় ।

শেহতীয়া খবৰ অনুসৰি, বৰ্তমান বগীনদী আৰক্ষীৰ জিন্মাত আছে কিশোৰী কেইগৰাকী ৷ বাতৰি যুগুত কৰা পৰলৈকে এজন অভিভাৱক থানাত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : মৰিয়নীৰ নিৰুদ্দিষ্ট দুই ছাত্ৰী বিহাৰত উদ্ধাৰ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details