লখিমপুৰ বগীনদীত উদ্ধাৰ লাইমেকুৰীৰ তিনি কিশোৰী - Missing girls rescued

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : February 24, 2024 at 5:03 PM IST

1 Min Read

জোনাই, 24 ফেব্ৰুৱাৰী : লখিমপুৰৰ বগীনদীত চাঞ্চল্যকৰ ঘটনা । শনিবাৰে পুৱাই বেৰভঙা গাঁৱত উদ্ধাৰ হৈছে জোনাইৰ তিনিগৰাকী কিশোৰী । কামৰ সন্ধানত কিশোৰীকেইগৰাকী ঘৰৰ পৰা ওলাই আছিল বুলি জানিব পৰা গৈছে ৷ আটাইকেইগৰাকী কিশোৰীৰে বয়স 18 ৰ অনুৰ্ধৰ ৷

বেৰভঙা গাঁৱৰ ৰাইজৰ পৰা জানিব পৰা মতে, শনিবাৰে পুৱা প্ৰায় 6 বজাত এগৰাকী মহিলাই চোতাল সাৰি আছিল ৷ তেনেতে তেওঁ পদুলিমুখতে তিনিগৰাকী অচিনাকী কিশোৰী ৰৈ থকা প্ৰত্যক্ষ কৰে ৷ সেয়ে মহিলাগৰাকীয়ে তিনিওগৰাকী কিশোৰীক ঘৰলৈ মাতি আনি সোধ-পোছ কৰে ৷ কিন্তু কিশোৰীকেইগৰাকীৰ কথাৰ পৰা মহিলাগৰাকীৰ কিছু সন্দেহ ওপজাত তেওঁ গাঁৱৰ মানুহৰ খবৰ দিয়ে ৷

প্ৰথম অৱস্থাত কিশোৰীকেইগৰাকীয়ে মিছা মাতিছিল যদিও পিচত কিশোৰী কেইগৰাকীৰ ঘৰ ধেমাজি জিলাৰ জোনাইৰ লাইমেকুৰীৰ বুলি জানিব পৰা যায় । তাৰ পাচত ৰাইজে খবৰ দিয়ে বগীনদী আৰক্ষীক ৷ ঘটনাৰ খবৰ লাভ কৰিয়েই উক্ত স্থানত আৰক্ষী উপস্থিত হৈ তিনিগৰাকী কিশোৰীক থানালৈ লৈ যায় ।

শেহতীয়া খবৰ অনুসৰি, বৰ্তমান বগীনদী আৰক্ষীৰ জিন্মাত আছে কিশোৰী কেইগৰাকী ৷ বাতৰি যুগুত কৰা পৰলৈকে এজন অভিভাৱক থানাত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : মৰিয়নীৰ নিৰুদ্দিষ্ট দুই ছাত্ৰী বিহাৰত উদ্ধাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.