জেৰেঙা পথাৰত নহয় মাজনিশা নামৰূপত জয়াৰ বিননি - Sati Joymoti Divas - SATI JOYMOTI DIVAS

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : March 28, 2024 at 2:29 PM IST

1 Min Read
Choose ETV Bharat

ডিব্ৰুগড়, 28 মাৰ্চ : জেৰেঙা পথাৰত নহয়, এইবাৰ মাজনিশা নামৰূপত শুনিবলৈ পোৱা গৈছে জয়াৰ বিননি । চাউদাঙৰ অকথ্য নিৰ্যাতন সহ্য কৰিব নোৱাৰি জয়মতীৰ বুকু ভেদ কৰি যোৱা আৰ্তনাদ, গদাপানি আৰু লাই-লেচাইৰ উচুপনিৰে প্ৰতিধ্বনিত হ’ল নামৰূপৰ আকাশ-বতাহ । কিয়নো বুধবাৰে নামৰূপতো পালন কৰা হয় অসমীয়াৰ ত্যাগ আৰু সাহসৰ প্ৰতীক সতী জয়মতীৰ স্মৃতি দিৱস ।

অসম পেট্ৰ’কেমিকেল লিমিটেডৰ পৃষ্ঠপোষকতা আৰু কল্যাণময়ী মহিলা সমিতিৰ উদ্যোগত নামৰূপত অনুষ্ঠিত কৰা হয় জয়মতীৰ স্মৃতি দিৱস ৷ এই স্মৃতি দিৱসত মহিলাসকলৰ দ্বাৰা “জয়মতী কুঁ‌ৱৰী” নাট প্ৰদৰ্শন কৰা হয় । স্থানীয় বিধায়ক তৰংগ গগৈ আৰু এপিএলৰ অধ্যক্ষ বিকুল ডেকাই নাটখন উদ্বোধন কৰা পাচতেই কেবা শতাধিক ৰাইজে উপভোগ কৰে জয়মতী কুঁ‌ৱৰী নাট ।

লগতে পঢ়ক : সমুখত হেঁপাহৰ ৰঙালী; ফুলাম গামোচা বোৱাত ব্যস্ত শিপিনী - Bohag Bihu 2024

ABOUT THE AUTHOR

...view details