খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰাটোৱেই APHLCৰ মূল উদ্দেশ্য : জন ইংতি কাথাৰ - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

🎬 Watch Now: Feature Video

thumbnail
জন ইংতি কাথাৰৰ সংবাদমেল (undefined)

By ETV Bharat Assamese Team

Published : April 9, 2024 at 10:39 PM IST

1 Min Read
Choose ETV Bharat

ডিফু, ৯ এপ্ৰিল : সমাগত লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শাসকীয় বিজেপি দলে ব্যাপক প্ৰচাৰ অব্যাহত ৰখাৰ সমান্তৰালভাৱে বিৰোধী দলসমূহেও অব্যাহত ৰাখিছে তৎপৰতা ৷ মঙলবাৰে ডিফুত এক সংবাদমেল অনুষ্ঠিত কৰি অল পাৰ্টি হিলছ লীডাৰ্ছ কনফাৰেন্স চমুকৈ এ পি এইচ এল চি দলৰ সভাপতি তথা দলটোৰ এইবাৰৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী জন ইংতি কাথাৰে দলৰ লক্ষ্য সম্পৰ্কে গুৰুত্বপূৰ্ণ স্থিতি প্ৰকাশ কৰে ।

নেতাগৰাকীয়ে সংবাদমেলযোগে পাৰ্বত্য জিলাকেইখনত বসবাস কৰি থকা পাৰ্বত্য জনজাতি, খিলঞ্জীয়া অসমীয়া আৰু আদিবাসীসকলৰ সুৰক্ষা সুনিশ্চিত কৰাটো দলটোৰ মূল লক্ষ্য বুলি সদৰী কৰে । জিলাকেইখনৰ এই খিলঞ্জীয়া শক্তিক বাধা দিয়াৰ উদ্দেশ্যেই বিজেপি -আৰ এছ এছ-বংগসেনাই গণ সুৰক্ষা‌ পাৰ্টীৰ প্ৰাৰ্থী থিয় কৰোৱা বুলি কাথাৰে মন্তব্য কৰে ।

আনহাতে, জিলাখনত তিনি বছৰতকৈ অধিক সময় কৰ্মৰত চৰকাৰী বিষয়াসকলক নিৰ্বাচনৰ পূৰ্বে বদলি কৰিব লাগে যদিও জিলাখনত এনে বহু চৰকাৰী বিষয়া এতিয়াও কৰ্মৰত হৈ থকা বুলি অভিযোগ কৰে । এইক্ষেত্ৰত পশ্চিম কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষকক ডিমা হাচাও জিলালৈ বদলি কৰা বুলি আঙুলিয়াই দি এয়া আইনবিৰুদ্ধ আৰু ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশৰ অৱমাননা হোৱাৰ অভিযোগ উত্থাপন কৰে ।

লগতে পঢ়ক: কংগ্ৰেছৰ দুৰ্গত ১৫ হাজাৰ ভোটত লীড ল’ব তপন গগৈয়ে !

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details