ইতিহাস থিয়েটাৰে কেৱল ব্যৱসায়ক গুৰুত্ব দিছে, বুৰঞ্জীক নহয় : তাই আহোম ছাত্ৰ সন্থা - Jatin Bora controversy - JATIN BORA CONTROVERSY

🎬 Watch Now: Feature Video

thumbnail
বুৰঞ্জী বিকৃতকৰণ সন্দৰ্ভত তাই আহোম ছাত্ৰ সন্থা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : July 4, 2024 at 3:34 PM IST

1 Min Read
Choose ETV Bharat

তিনিচুকীয়া, ৪ জুলাই : কিছুদিন বিৰতিৰ পিচত পুনৰ বিতৰ্কৰ আওতালৈ আহিল অভিনেতা তথা বিজেপি নেতা যতীন বৰা ৷ আগন্তুক নাট্যবৰ্ষৰ জৰিয়তে পুনৰ ভ্ৰাম্যমাণ থিয়েটাৰত ভুমুকি মাৰিবলগীয়া অভিনেতাগৰাকী এইবাৰ প’ষ্টাৰ বিতৰ্কত সোমাই পৰিছে ৷ য’ত বীৰ লাচিত বৰফুকনক বিকৃত ৰূপত উপস্থাপন কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ তাই আহোম ছাত্ৰ সন্থাই ৷ বৃহস্পতিবাৰে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি মিলন বুঢ়াগোহাঁয়ে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া ৷ নেতাগৰাকীয়ে কয়, ‘‘ইতিহাস থিয়েটাৰে মহাবীৰ লাচিত বৰফুকন বিষয়ত এখন নাটক মঞ্চস্থ কৰিবলৈ বিচৰাটো আদৰণি জনাইছো ৷ কিন্তু ইতিহাসৰ বীৰগৰাকীক বিকৃত ৰূপত চিনাকি কৰাই দিয়াটো তাই আহোম ছাত্ৰ সন্থাই নিবিচাৰো ৷ কোনো লোকেই নিবিচাৰে ৷ কিন্তু ইতিহাস থিয়েটাৰৰ প’ষ্টাৰখনত আহোমৰ ৰাতি-নীতি, সাজ-পোচাক প্ৰতিফলিত হোৱা নাই ৷ থিয়েটাৰখনৰ কৰ্তৃপক্ষই বুৰঞ্জীক গুৰুত্ব নিদি কেৱল ব্যৱসায়ক গুৰুত্ব দিছে ৷ ’’

উল্লেখ্য যে ইতিহাস থিয়েটাৰে আগন্তুক নাট্যবৰ্ষৰ বাবে সাজু কৰিছে ‘মহাবীৰ লাচিত’ শীৰ্ষক এখন নাটক ৷ নাটকখনত বীৰ লাচিতৰ চৰিত্ৰত অভিনয় কৰিবলৈ গৈ অভিনেতা যতীন বৰাই পৰিধান কৰা সাঁজ-পোচাকে বিতৰ্কৰ সৃষ্টি কৰিছে ৷ সদৌ তাই আহোম ছাত্ৰ সন্থাৰ সভাপতি মিলন বুঢ়াগোহাঁয়ে আহ্বান জনাই যে অভিনেতা যতীন বৰাৰ লগতে প্ৰযোজকে যাতে বিকৃত ৰূপত বীৰগৰাকীক উপস্থাপন নকৰে ।

লগতে পঢ়ক: প'ষ্টাৰতে লাগিল কেনা : নাট্যবৰ্ষ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত যতীন বৰা

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details