লোকসভা নিৰ্বাচন: শোণিতপুৰৰ আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যই বিচাৰে কি ? - Lok Sabha Assam AAP Candidate

🎬 Watch Now: Feature Video

thumbnail
ঋষিৰাজ কৌণ্ডিন্য (undefined)

By ETV Bharat Assamese Team

Published : March 2, 2024 at 5:30 PM IST

1 Min Read
Choose ETV Bharat

তেজপুৰ, ২ মাৰ্চ : ‘‘শোণিতপুৰবাসীয়ে যদি মোৰ প্ৰাৰ্থিত্ব গ্ৰহণ কৰে তেন্তে মোক ভোট দিব, যদি নকৰে নিদিব ৷ মোৰ তাত কোনো আপত্তি নাই ৷’’ এই মন্তব্য আম আদমি পাৰ্টীৰ শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ ৷ উল্লখ্য যে আম আদমি পাৰ্টীয়ে লোকসভা নিৰ্বাচনৰ টিকট গ্ৰহণ কৰাৰ পিচৰে পৰা চৰ্চাত আছে শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্য ।

সামাজিক মাধ্যমত আপৰ প্ৰাৰ্থী গৰাকীৰ বিৰুদ্ধে চর্চা চলি আছে যে একাধিক গোচৰত তেওঁ সাঙোৰ খাই আছে । এই সন্দৰ্ভত ই টিভি ভাৰতৰ তৰফৰ পৰা প্ৰাৰ্থীগৰাকীৰ লগত হোৱা এক আছুতীয়া সাক্ষাৎকাৰত বহুকেইটা মন্তব্য কৰে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীগৰাকীয়ে ৷ তেওঁৰ বিৰুদ্ধে গোচৰ আছে, কিন্তু এটা গোচৰকে ভাগে ভাগে ৰুজু কৰা হৈছে বুলি ঋষিৰাজ কৌণ্ডিন্যই মন্তব্য কৰে ।

তেওঁৰ মতে নিৰ্বাচনত প্ৰাৰ্থিত্ব লাভ কৰাৰ বাবেহে এই বিষয়সমূহ চৰ্চিত হৈছে ৷ যদি শোণিতপুৰবাসীয়ে তেওঁক গ্ৰহণ কৰে তেন্তে ভোট দিব আৰু যদি নকৰে নিদিব বুলি মন্তব্য কৰে ঋষিৰাজ কৌণ্ডিন্যই  । 

লগতে পঢ়ক: বৰপেটা নে বঙাইগাঁৱৰ পৰা ফণীভূষণ চৌধুৰীয়ে খেলিব নিৰ্বাচন ?

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details